গুৱাহাটী, 16 এপ্ৰিল :আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন 2022ক(GMC elections 2022) কেন্দ্ৰ কৰি গুৱাহাটী খোৱাপানীৰ সমস্যাক পুনৰ বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । তথ্য অনুসৰি, গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডৰে খোৱাপানীৰ ভীষণ সমস্যা আছে (Drinking water crisis in Guwahati) ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰ নিগমৰ অন্তৰ্গত জালুকবাৰী সমষ্টিটো খোৱাপানীৰ সমস্যা আছে । পৌৰ নিগমৰ অন্তৰ্গত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ 7 নং ৱাৰ্ডত খোৱাপানীৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে । কংগ্ৰেছত থকাৰ সময়ত তিনিবাৰকৈ 15 বছৰ গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব থকা হিমন্ত বিশ্ব শৰ্মাই বি জে পিত যোগ দি পুনৰ কিছু বছৰৰ বাবে গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব থকাৰ পিছত মুখ্যমন্ত্ৰীৰ গাদী দখল কৰে ।
তাৰ পিছতো পৌৰ নিগমৰ অন্তৰ্গত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ 7 নং ৱাৰ্ডৰ মানুহে বৰ্তমানো এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি আহি পৰিছে । খোৱাপানী সমস্যাৰ সন্দৰ্ভত পৌৰ নিগমৰ 7 নং ৱাৰ্ডৰ বাসিন্দা বিজন ৰায়ে কয় যে, এই এলেকাৰ খোৱাপানীৰ সমস্যা বহু পুৰণি । গৰম দিনতো খোৱাপানীৰ ভীষণ সমস্যা হয় । পৌৰ নিগমৰ 7 নং ৱাৰ্ডৰ মাত্ৰ 30 শতাংশ মানুহে লাভ কৰে চৰকাৰীভাৱে যোগান ধৰা খোৱাপানী (Guwahati Water Supply Project) ।
লগতে পঢ়ক :Drinking water crisis in Guwahati: গুৱাহাটীত ৭০ শতাংশ মানুহে খোৱা পানী আঁচনিৰ পৰা বঞ্চিত
পৌৰ নিগমৰ অধীনৰ কামাখ্যা পানী যোগান প্ৰকল্পৰ পৰা মাজে মাজে একাংশ লোকে খোৱাপানী পায় যদিও পানীৰ গুণগতমান অতি নিম্ন মানৰ অৰু অনিয়মীয়া । পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ পানী বৰ্তমানেও বহু মানুহে লাভ কৰা নাই । বহু বছৰ আগতে পানীৰ পাইপ স্থাপন কৰিছিল । কিন্তু পানীৰ পাইপ স্থাপন কৰাৰ পাচতো সেই পাইপেৰে নাহিল পানী ৷ সেই পাইপ বৰ্তমান পৰিত্যক্ত অৱস্থা পৰি ৰৈছে ।
ইপিনে পৌৰ নিগমৰ 7 নং ৱাৰ্ডৰ আন এগৰাকী বাসিন্দা হিমাংশু দাসে কয় যে, ৱাৰ্ডৰ অধিকাংশ মানুহে বৰ্তমানো লাভ কৰা নাই চৰকাৰী বিশুদ্ধ খোৱাপানী । ৱাৰ্ডৰ অধিকাংশ মানুহে বিশুদ্ধ খোৱাপানী ক্ৰয় কৰিহে খাব লাগে । যাৰবাবে পানীৰ বাবে দৈনিক 500 টকা খৰছ হয় এটা পৰিয়ালৰ ।