গুৱাহাটী, ১৩ জুলাই :পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বুধবাৰে উপস্থিত হৈ ইউপিএ আৰু অন্যান্য বিৰোধী দলসমূহৰ ৰাষ্ট্ৰপতি পদৰ উমৈহতীয়া প্রার্থী যশোৱন্ত সিনহাই (UPA and opposition parties Presidential candidate Yashwant Sinha) এক সংবাদমেল সম্বোধন কৰে । উক্ত সংবাদমেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু ৰাষ্ট্ৰপতি নির্বাচনৰ বিজেপি আৰু সহযোগী দলসমূহৰ উমৈহতীয়া প্রার্থী দ্রৌপদী মুর্মুৰ বিৰুদ্ধে সোচ্চাৰ (Yashwant Sinha raise voice about Draupadi Murmu) হৈ পৰে তেওঁ ।
তেওঁ কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ শাসনত দেশৰ সংবিধানৰ ওপৰত আক্ৰমণ হৈছে (Narendra Modi Attack on Indian Constitution) । এয়া চৰকাৰী পক্ষৰ পৰা হৈছে । সেয়েহে ৰাষ্ট্ৰপতিৰ নিৰ্বাচন এইবাৰ গুৰুত্বপূৰ্ণ । সকলো বিধায়ক আৰু সাংসদে বিবেকৰ কথা শুনিব । দেশৰ সংবিধান ৰক্ষাৰ বাবে ভোট দিব । উত্তৰ-পূৰ্বাঞ্চলৰ সকলো বিধায়ক আৰু সাংসদে বিবেক ভোট দিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে শক্তিৰ দুৰ্প্ৰয়োগ কৰি আছে । মমতা বেনাৰ্জীৰ সমৰ্থন নিশ্চিত । (Presidential candidate Yashwant Sinha Assam visit) আম আদমী বৰ্তমান মৌন হৈ আছে । সময়ত মুখ খুলিব । বিৰোধীৰ মাত্ৰ শিৱসেনাৰ মত পৰিবৰ্তন হৈছে । এআইইউডিএফৰ বিধায়কসকলৰ সৈত আছুতীয়া সভা কৰিছোঁ । তেওঁলোকে মোক সমৰ্থন কৰিব ।"
যশোৱন্ত সিনহাই ৰাষ্ট্ৰপতি নির্বাচনৰ বিজেপি আৰু সহযোগী দলসমূহৰ উমৈহতীয়া প্রার্থী দ্রৌপদী মুর্মুক আক্ৰমণ কৰি কয়, "তেওঁ ক'তো সাংবাদিকৰ আগত এটা শব্দ বিনিময় কৰা নাই । তেওঁ দেশৰ মৌন ৰাষ্ট্ৰপতি হ'ব নেকি ? নে ৰাবাৰ ষ্ট্ৰাম্প ৰাষ্ট্ৰপতি হ'ব (Draupadi Murmu will be rubber stump President) ? দেশবাসীক পুতলা ৰাষ্ট্ৰপতিৰ প্ৰয়োজন নাই । " যশোৱন্ত সিনহাই পুনৰ কয়, "অসমৰ ৰাইজ মোৰ প্ৰিয় । অসমৰ মানুহ সাহসী । এইবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন গুৰুত্বপূৰ্ণ । আজি দেশৰ সংবিধান সংকটত । দেশৰ শাসনত থকাসকলৰ পৰা দেশৰ সংবিধান সংকটত পৰিছে । বিজেপি দলৰ স্বৈৰাচাৰিতাৰ বাবে 2018 চনত বিজেপি এৰিবলৈ বাধ্য হৈছিলোঁ । আৰম্ভৰণিৰে পৰা 'কা'ৰ বিৰোধিতা কৰি আহিছোঁ । নাগৰিকত্ব সংশোধনী আইনখন ভুল ধৰণে কৰা এখন আইন । ৰাষ্ট্ৰপতি হ'লে মই ইয়াৰ বিৰোধিতা কৰিম ।"