অসম

assam

ETV Bharat / state

Drama in Lachit Ghat: লাচিত ঘাটত গৰজি উঠিল লাচিত বৰফুকনে

প্ৰজ্ঞাৰ উদ্যোগত তেজপুৰৰ অগ্ৰনী নাট্যানুষ্ঠান অসম ৰেপাৰেটৰীয়ে লাচিত ঘাটত নিবেদন কৰে "লাচিত-বুৰঞ্জী লিখাৰ তৰোৱাল" । শব্দ আৰু পোহৰৰ মায়াজালেৰে উপস্থাপন কৰা নাটখনি মঞ্চস্থ কৰা হয় লাচিত ঘাটত(Drama on life of Lachit at Guwahati) । জীৱন্ত হাতী-ঘোড়া, নাৱৰে হাতত হেংদাং লৈ মোগলৰ বিৰুদ্ধে যুদ্ধ কৰা দৃশ্য দেখি শিহৰিত হৈ উঠিল দৰ্শক ।

By

Published : Dec 18, 2022, 1:54 PM IST

Drama performance at Lachit Ghat in Guwahati
লাচিত ঘাটত গৰজি উঠিল লাচিত বৰফুকনে

লাচিত ঘাটত গৰজি উঠিল লাচিত বৰফুকনে

গুৱাহাটী,১৮ ডিচেম্বৰ:শনিবাৰে সন্ধিয়া মহানগৰীৰ লাচিত ঘাটত তয়াময়া ৰণ । অত্যাধুনিক মাৰণাস্ত্ৰ নহয় । জীৱন্ত হাতী-ঘোড়া, নাৱৰে হাতত হেংদাং লৈ মোগলৰ বিৰুদ্ধে এঘড়ী যুঁজিলে অসমীয়া সৈন্য়ই । নেতৃত্বত আহোম সেনাপতি লাচিত বৰফুকন । ৰাঙলী হ'ল ব্ৰহ্মপুত্ৰৰ পানী । লাচিত ঘাটত হোৱা ৰণখন চাবলৈ গোট খালে হাজাৰ হাজাৰ মানুহ । লাচিত ঘাটৰ বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্ত্তিৰ পৰা যেন জঁপিয়াই ওলাই আহিল আহোম বীৰ পুৰুষজনা(Assam war hero Lachit Borphukan) ।

মোগল আহোমৰ তয়াময়া ৰণত ওফন্দি উঠিল লুইতৰ বুকু । লুইতৰ বুকুত তথা লুইতৰ পাৰত শুনা গ'ল জয় আই অসম ধ্বনি । গৰজি উঠিল বুৰঞ্জী লিখা তৰোৱালখন । "লাচিত, বুৰঞ্জী লিখা তৰোৱাল" শীৰ্ষক নাটখনি মঞ্চস্থ হ'ল গুৱাহাটীৰ লাচিত ঘাটত(Drama performance at Lachit Ghat in Guwahati) । অসমীয়া জাতিৰ শৌৰ্য বীৰ্যৰ প্ৰতীক, অসম আৰু অসমীয়াৰ স্বাভিমান বীৰ লাচিত বৰফুকনৰ বীৰ গাঁঠা শব্দ আৰু পোহৰৰ মায়াজালেৰে উপস্থাপন কৰা নাটখনি মঞ্চস্থ কৰা হয় লাচিত ঘাটত ।

প্ৰজ্ঞাৰ উদ্যোগত তেজপুৰৰ অগ্ৰণী নাট্যানুষ্ঠান অসম ৰেপাৰেটৰীয়ে লাচিত ঘাটত নিবেদন কৰে "লাচিত-বুৰঞ্জী লিখাৰ তৰোৱাল" নাটকখনি । লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰদৰ্শন কৰা হয় নাটখনি(Lachit Borphukan 400th birth anniversary) । নয়নজ্যোতি ভট্টাচাৰ্যৰ বহু চৰ্চিত উপন্যাস "বুৰঞ্জী লিখা তৰোৱাল" ৰ আলমত পুলক কুমাৰ ডেকাৰ নাট্যৰূপ, পৰিকল্পনা আৰু পৰিচালনাৰে প্ৰদৰ্শন কৰা এই নাটখনে দৰ্শকৰ মন চুই যায় ।

লুইতৰ সোঁতত যেন জীৱন্ত হৈ উঠিল লাচিত বৰফুকন(Drama on life of Lachit at Guwahati) । জীৱন্ত হাতী-ঘোড়া তথা সুন্দৰ দৃশ্যসজ্জাই সকলোকে যেন লৈ গ'ল আকৌ এবাৰ আহোম যুগলৈ । দেশপ্ৰেমৰ অমৃত সোমাই থকা সংলাপত শিয়ৰি উঠিল লাচিত ঘাটত সমবেত হোৱা দৰ্শকৰ গাৰ নোম । সদায় শুনি থকা, কিতাপৰ পাতত পঢ়ি থকা বৰলুইতৰ বুকুত নাৱেৰে যুঁজ কৰি আহোম সৈন্যই মোগল খেদা দৃশ্য বাস্তৱত দেখা পাই দৰ্শকেও দিলে জয় আই অসম ধ্বনি ।

'দেশত কৈ মোমাই ডাঙৰ নহয়' জাতিক জগাই তোলা সেই বাক্যশাৰীৰে লাচিতে মোমায়েকক কটা দৃশ্য দেখি শিহৰিত হৈ পৰে নাটখনি উপভোগ কৰা দৰ্শক । ইফালে অভিনেতা অভিনেত্ৰীসকলৰ হৃদয়স্পৰ্শী অভিনয়ে মুগ্ধ কৰি ৰাখিলে দৰ্শকক । জনপ্ৰিয় তথা বিশিষ্ট চলচিত্ৰ অভিনেতা প্ৰাঞ্জল শইকীয়া, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, আঙুৰলতা ডেকা তথা লাচিতৰ চৰিত্ৰত অভিনয় কৰা বিজিত গগৈৰ অভিনয়ত প্ৰতিটো দৃশ্যতে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজাই দৰ্শকে দিলে বিপুল সঁহাৰি । দেওবাৰেও সন্ধিয়া ৬ বজাৰ পৰা লাচিত ঘাটত নাটখন মঞ্চস্থ কৰা হ'ব ।

লগতে পঢ়ক:Reserve close order to ASI: বিলাসীপাৰাৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ ASI সুনীল দাসক ৰিজাৰ্ভ ক্ল’জ

ABOUT THE AUTHOR

...view details