অসম

assam

ETV Bharat / state

Drama show at Kalakshetra: সাংবাদিকৰ সংলাপত জীৱন্ত জোঙাল বলহু - সাংবাদিকৰ সংলাপত জীৱন্ত জোঙাল বলহু

শংকৰদেৱ কলাক্ষেত্ৰ এজাক সাংবাদিকৰ দ্বাৰা মঞ্চস্থ হ'ল “জোঙাল বলহু” নাট(Jongalbalahu staged by journalists) । সাংবাদিকৰ অভিনয়ে মন মুহিলে সাধাৰণ জনতাৰ । খবৰৰ পাছত দৌৰি ফুৰা সাংবাদিকসকলে দিলে নাট্য প্ৰতিভাৰ উমান ।

drama perform by journalist at guwhahati
সাংবাদিকৰ সংলাপত জীৱন্ত জোঙাল বলহু

By

Published : Aug 11, 2022, 9:10 PM IST

Updated : Aug 11, 2022, 10:49 PM IST

গুৱাহাটী,১১ আগষ্ট:কলম,কাগজ কেমেৰা এৰি এদল সাংবাদিক উঠিল মঞ্চত,আওৰালে সংলাপ । মঞ্চস্থ হ'ল জোঙাল বলহু(Jongal balahu staged by journalists) । যথেষ্ট কৰ্মব্যস্ততাৰ মাজেৰে গুৱাহাটীৰ নাট্য প্ৰতিভা থকা এদল সাংবাদিকৰ প্ৰচেষ্টাত গুৱাহাটীত বুধবাৰে মঞ্চস্থ কৰা জোঙাল বলহু নাটখনে দশকৰ বিপুল সমাদৰ লাভ কৰিছ । বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত মঞ্চস্থ হোৱা অসম বুৰঞ্জীৰ ঐতিহাসিক বীৰ চৰিত্ৰ “জোঙালবলহু” নাটখনিৰ জৰিয়তে সাংবাদিকসকলৰ নাট্য প্ৰতিভা প্ৰতিভাত হৈ উঠা দেখা গল । নাট্যকাৰ মুনমী বৰদলৈৰ জোঙাল বলহু নাটখনি অনন্য ৰূপ প্ৰদান কৰে দক্ষ পৰিচালক অসীম কুমাৰ নাথে ৷

সাংবাদিকৰ সংলাপত জীৱন্ত জোঙাল বলহু

স্বদেশ আৰু স্বজাতিৰ বাবে জীৱন উৎৰ্সগা কৰা অসমৰ বীৰ বীৰাঙ্গনাৰ কাহিনীসমূহ অসমৰ ইতিহাসৰ গৌৰৱময় অধ্যায় । সেই গৌৰৱময় অধ্যায়ৰ মূৰ্ত প্ৰতিফলন ঘটিছে মুনমী বৰদলৈৰ জোঙালবলহু নাটখনিত ৷ তিৱা বীৰ পুৰুষ জোঙাল বলহুৰ জীৱন কাহিনী, কৰ্মৰাজিক লৈ ৰচিত এই "জোঙাল বলহু" নাটখনি কলং নাট্যগোষ্ঠীৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত বুধবাৰে সন্ধিয়া প্ৰদৰ্শন কৰা হয় ।

গুৱাহাটী প্ৰেছ ক্লাৱ আৰু জাৰ্নেলিষ্ট ইউনিয়ন অব আছামৰ গুৱাহাটী মহানগৰ শাখাৰ সহযোগত মঞ্চস্থ হোৱা নাটখনিৰ ব্যৱস্থাপনাত আছিল তিৱা স্বায়ত্ত শাসিত পৰিষদ । নাটখনিৰ সংগীত ব্যৱস্থাপনাত আছিল তিৱা সাহিত্য সভাৰ সম্পাদক ড০ বিদ্যুৎ বিকাশ সেনাপতি ৷ নাটখনিৰ নাম ভুমিকাত অভিনয় কৰা দেৱপ্ৰতিম বৰুৱা আৰু কছাৰী কন্যাৰ চৰিত্ৰত অভিনয় কৰা এঞ্জেলা চাংমাইৰ অভিনয়ত মন্ত্ৰমুগ্ধ হৈ পৰে উপস্থিত দৰ্শকসকল ৷

কছাৰী ৰজাৰ চৰিত্ৰত অমৰেন্দ্ৰ ডেকা আৰু কছাৰী ৰাণীৰ চৰিত্ৰত মীনাক্ষী ফুকনে দৰ্শকৰ মন হৰিবলৈ সক্ষম হয় । সমান্তৰালভাৱে জেষ্ঠ সাংবাদিক মানস প্ৰতীম শইকীয়াই চোৰাংচোৱা চৰিত্ৰটিৰ জৰিয়তে দৰ্শকৰ বিপুল সহাৰি আদায় কৰে । নাটকখনত বিভিন্ন চৰিত্ৰ সুন্দৰভাবে ৰূপায়ণ কৰিছে ক্ৰমে শৰৎ শৰ্মা, ত্ৰিদিৱ লহকৰ,পল্লৱ দ্বীজেন,পংকজ মেধী, নাৰায়ণ শইকীয়া, ঋতুুমনি বৰা, দ্বীপ হাজৰিকা সোণোৱাল, সৌমিতা ডেকা, আইচেংফা কোঁৱৰ, এঞ্জেলা চাংমাই, যুক্তা বৰা, অংকিতা ভূঞাই ৷

লগতে পঢ়ক:Operation against corruption: ঘোচখোৰ লোহিতক মাৰাথন জেৰা দুৰ্নীতি নিবাৰক শাখাৰ

Last Updated : Aug 11, 2022, 10:49 PM IST

ABOUT THE AUTHOR

...view details