গুৱাহাটী, 1 জুলাইঃ কৃষকনেতা অখিল গগৈৰ মুক্তি বিচাৰি চৰকাৰলৈ আহ্বান জনালে কিষাণ সংঘৰ্ষ কমিটীৰ কাৰ্যকৰী অধ্যক্ষ, প্ৰাক্তন বিধায়ক ডঃ সুনিলমে ৷ এক ভিডিঅ'যোগে তেওঁ উল্লেখ কৰে, ইতিমধ্যেই অখিল গগৈয়ে কাৰাগাৰত ২০০ দিন অতিক্ৰম কৰিলে আৰু বিগত কেইবাদিনো ধৰি তেওঁ আমৰণ অনশন কৰি আছে ৷ যাৰ ফলত সম্প্ৰতি কাৰাবন্দী কৃষকনেতা গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিছে ৷ আনকি কৃষক নেতা গৰাকীৰ পত্নীকো তেওঁক লগ কৰিবলৈ অনুমতি প্ৰদান কৰা হোৱা নাই বুলি উল্লেখ কৰে কিষাণ সংঘৰ্ষ কমিটীৰ কাৰ্যকৰী অধ্যক্ষ গৰাকী ৷
অখিল গগৈসহ আন সতীৰ্থসকলক মুক্তিৰ দাবী বিশিষ্ট সমাজকৰ্মী ডঃ সুনিলমৰ - কিষাণ সংঘৰ্ষ কমিটীৰ কাৰ্যকৰী অধ্যক্ষ
বিগত ২০০ দিনে কাৰাবন্দী হৈ থকা কৃষকনেতা অখিল গগৈৰ মুক্তি বিচাৰি চৰকাৰলৈ আহ্বান জনালে কিষাণ সংঘৰ্ষ কমিটীৰ কাৰ্যকৰী অধ্যক্ষ, প্ৰাক্তন বিধায়ক ডঃ সুনিলমে ৷
![অখিল গগৈসহ আন সতীৰ্থসকলক মুক্তিৰ দাবী বিশিষ্ট সমাজকৰ্মী ডঃ সুনিলমৰ Dr. sunilam demands to release akhil gogoi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7843450-409-7843450-1593597965769.jpg)
Dr. sunilam demands to release akhil gogoi
অখিল গগৈসহ আন সতীৰ্থসকলক মুক্তিৰ দাবী বিশিষ্ট সমাজকৰ্মী ডা০ সুনিলমৰ
ভিন ভিন অভিযোগ উত্থাপন কৰি জামিন পোৱাৰ পিচতো অখিল গগৈক কাৰাবন্দী কৰি ৰাখিছে বুলিও মন্তব্য কৰে ডঃ সুনিলমে ৷ নাগৰিকত্ব সংশোধনী আইন, বৃহৎ নদীবান্ধ আদিৰ বিৰোধ কৰা অখিল গগৈক, অসমৰ কণ্ঠ আৰু সিংহ হিচাপে অভিহিত কৰি কৃষক নেতা গৰাকীক অতি শীঘ্ৰেই মুকলি কৰিবলৈ দাবী জনায় ৷
লগতে পঢ়কঃচিকিৎসাধীন লোকৰ মৃতদেহ উদ্ধাৰঃ ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া