শিলচৰ, ৩১ আগষ্ট: অসমৰ চিকিৎসক ডাঃ ৰবি কান্নানলৈ ২০২৩ বৰ্ষৰ সন্মানীয় ৰামন মেগছেছে ‘হিৰো ফৰ হোলিষ্টিক হেল্থকেয়াৰ’ বঁটা আগবঢ়োৱা হৈছে ৷ কাছাৰ কৰ্কট চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ ৰবি কান্নান ৷
এই খবৰৰ পাছতেই তেওঁ কৰ্মৰত প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীসকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা যায় ৷ খ্যাতনামা কৰ্কট ৰোগ বিশেষজ্ঞ, শিলচৰস্থিত কাছাৰ কৰ্কট চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক পদ্মশ্ৰী ডাঃ ৰবি কান্নান হৈছে ৰামন মেগছেছে বঁটা ফাউণ্ডেচনৰ চলিত সংস্কৰণত এই সন্মান লাভ কৰা একমাত্ৰ ভাৰতীয় ৷
কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়াই অহা জনদৰদী চিকিৎসকগৰাকীয়ে এই লাভ কৰাৰ পাছতেই সংবাদ মাধ্যমৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ বিশিষ্ট চিকিৎসকগৰাকীয়ে কয়,‘‘এই বঁটা মোৰ বাবে নহয় ৷ মই সেৱা আগবঢ়াই থকা এই হাস্পতালখনৰ প্ৰতিগৰাকী লোকেই এই বঁটাৰ অংশীদাৰ। প্ৰতিগৰাকীৰে অৱদান আছে এই স্বীকৃতি লাভ কৰাত । এই চিকিৎসালয়খন পৰিচালনা কৰোঁতে বিভিন্ন স্তৰৰ লোকে তেঁওলোকৰ অৱদান আগবঢ়াই আহিছে ৷ মানুহৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ উদ্দেশ্যৰে যি সকলে কাম কৰি আছে সকলোৱেই এই বঁটাৰ অংশীদাৰ ৷’’