গুৱাহাটী, 21 এপ্ৰিল:কভিড 19 য়ে সৃষ্টি কৰা অভূতপূৰ্ব পৰিস্থিতিৰ সময়ত এই সংহাৰী ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিব পাৰিবনে অসমৰ চৰ অঞ্চলৰ ষাঠি লক্ষ জনতাই ? আজিও এক লক্ষ্যণীয় সংখ্যক নিৰক্ষৰ আৰু উপায়ন্তৰ লোকৰ বসতি ভূমি হিচাপে পৰিচিত হৈ আহিছে অসমৰ বহু চৰ অঞ্চল ৷ বৰ্তমান সময়ত অসমৰ দুই হাজাৰতকৈও অধিক চৰৰ বাসিন্দাই ঘৰতে সোমাই থাকি অচিন ৰোগৰ আতংকত ভুগিছে ৷ আনহাতে লক ডাউন খোলাৰ লগে লগেই বেপাৰ বাণিজ্য আৰু অন্যান্য উপাৰ্জনৰ সন্ধানত যিসকল লোক বাহিৰলৈ ওলাই আহিব সেই সকল লোকে কি সাৱধনতা অৱলম্বন কৰিব সেইয়া অতি জৰুৰী বুলি বিবেচিত হৈ পৰিছে ৷ কিন্তু অতি লক্ষ্যণীয় ভাৱে ৰাজ্যৰ মুঠ জনসংখ্যাৰ 9.37 শতাংশ লোকক সজাগ কৰাৰ বাবে চৰকাৰে এতিয়াও কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ কভিড-19ক লৈ চৰ অঞ্চলত সৃষ্টি হোৱা এনে আশংকাক আঙুলিয়াই এই পিচপৰা জনগোষ্ঠীটোৰ স্বাস্থ্যৰ উন্নয়নৰ বাবে বিগত দীৰ্ঘকাল কাম কৰি অহা বিশিষ্ট চিকিৎসক পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীয়ে আগবঢ়ালে বহু গুৰুত্বপূৰ্ণ মন্তব্য ৷
নিম্ন আয়ৰ এই লোকসকলক কভিড 19 ভাইৰাছৰ ভয়াৱহতা সন্দৰ্ভত সচেতন কৰাৰ ক্ষেত্ৰত মছজিদ সমাজ আৰু ইমাম সকলৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে বুলি মন্তব্য কৰে ডাঃ ইলিয়াছ আলীয়ে ৷