গুৱাহাটী, 22 নৱেম্বৰ: বিজেপিৰ শাসনত অসমীয়া জাতি আৰু ভাষা খণ্ড-বিখণ্ড কৰাৰ চেষ্টা চলিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁয়ে (Dr Hiren Gohain criticizes Assam Govt)। মঙলবাৰে গুৱাহাটীৰ নিজৰাপাৰৰ বাসভৱনত অনুষ্ঠিত এক সংবাদমেলত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰি বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁয়ে কয় যে, বিজেপি চৰকাৰে অসমীয়া গাঁওসমূহৰ জৰীপ কৰাৰ কোনো কথা নকয় । তাৰ পৰিৱৰ্তে চৰকাৰে সময়ে সময়ে মিঞা মানুহক উচ্ছেদৰ কথা কয় (Religious Minorities in Assam)।
তেওঁ লগতে কয় যে, উচ্ছেদিত ভূমি খিলঞ্জীয়াৰ মাজত বিলাই দিয়া হ’ব বুলি চৰকাৰে উল্লেখ কৰে । কিন্তু পিছত চৰকাৰে বৃহৎ পুঁজিপতিৰ হাতলৈ ভূমিসমূহ হস্তান্তৰ কৰে । চৰকাৰে মূল সমস্যাবোৰ আঁতৰাই অসমীয়া মানুহ উৎসৱ পাৰ্বনত মতলীয়া কৰাৰ চেষ্টা কৰি আছে ।
বুদ্ধিজীৱীগৰাকীয়ে আৰু অভিযোগ কৰে যে, ৰাসৰ বাবে বলিউডৰ অভিনেতা আৰু অভিনেত্ৰী আনিলে নলবাৰীত । মানুহক চমক দেখুৱায় চৰকাৰে ক্ষমতাৰ ৰাজনীতি অটুট ৰখাৰ চেষ্টা চলাই আছে । চৰকাৰে থলুৱা পৰম্পৰা নিঃশেষ কৰাৰ পৰিকল্পনা কৰা বুলি তেওঁ অভিযোগ কৰে ।
ড৹ গোহাঁয়ে কয় যে, লাচিত দিৱস উদযাপনৰ মাজেৰে মোগলে অসম নিঃশেষ কৰাৰ পৰিকল্পনা ৰচিছিল বুলি চৰকাৰে প্ৰচাৰ চলাই মুছলমান বিদ্বেষৰ বীজ সিঁচাৰ কাম কৰি আছে (communal riots among Hindu Muslim)। দিল্লীত লাচিত দিৱসৰ কাৰ্যসূচী আয়োজন কৰাৰ আঁৰত আছে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ এক অভিসন্ধিমূলক উদ্দেশ্য ।