অসম

assam

By

Published : Jul 27, 2020, 9:19 PM IST

ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত ডঃ হীৰেণ গোহাঁইৰ প্ৰতিক্ৰিয়া

সোমবাৰে ৰাজ্যৰ বান সমস্যা,'কা' বিৰোধী আন্দোলনৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট বুদ্ধিজীৱি তথা চিন্তাবিদ ডঃ হীৰেণ গোহাঁইয়ে । ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত অসম কিছু পিছপৰা হোৱা হেতুকে কেন্দ্ৰীয় চৰকাৰে এনেবোৰ ক্ষেত্ৰত বৰ বিশেষ গুৰুত্ব নিদিয়ে বুলি মন্তব্য কৰে ডঃ গোহাঁইয়ে ।

DR HIREN GOHAIN RECATION ON AKHIL GOGOI
অখিল গগৈৰ মুক্তিৰ দাবীত ডঃ হীৰেণ গোহাঁইৰ প্ৰতিক্ৰীয়া

গুৱাহাটী, 27 জুলাই :ৰাজ্যত ক'ভিড-19 ৰ সংহাৰ আৰু আনফালে বানপানীৰ তাণ্ডৱে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ একে সময়তে ৰাজ্যৰ জটিল সময়ত অব্যাহত আছে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ ৷

সোমবাৰে ৰাজ্যৰ বান সমস্যা,'কা' বিৰোধী আন্দোলনৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট বুদ্ধিজীৱি তথা চিন্তাবিদ ডঃ হীৰেণ গোহাঁইয়ে । ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত অসম কিছু পিছপৰা হোৱা হেতুকে কেন্দ্ৰীয় চৰকাৰে এনেবোৰ ক্ষেত্ৰত বৰ বিশেষ গুৰুত্ব নিদিয়ে বুলি মন্তব্য কৰে ডঃ গোহাঁইয়ে ।

অখিল গগৈৰ মুক্তিৰ দাবীত ডঃ হীৰেণ গোহাঁইৰ প্ৰতিক্ৰীয়া

আনহাতে,শাসনৰ গাদীত বহিলে সকলোৱে ৰাইজৰ দুখ-দুৰ্দশা পাহৰি যায় বুলিও কয় বিশিষ্ট বুদ্ধিজীৱি গৰাকীয়ে ৷ ইফালে,কৃষক নেতা অখিল গগৈৰ মুক্তি সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰি ডঃ গোহাঁইয়ে কয় যে,নিপীড়িত জনতাক ঐক্যবদ্ধ কৰি গণ সংগ্ৰাম গঢ়ি তোলাত অখিল গগৈৰ সামৰ্থ্য আছে । যাৰ বাবে ৰাজ্য তথা কেন্দ্ৰ চৰকাৰৰ বাবে তেওঁ এক বৃহৎ প্ৰত্যাহ্বান । সেয়েহে অখিল গগৈক বন্দী কৰি ৰখা বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : বৰপেটাত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচাৰ্জ

ABOUT THE AUTHOR

...view details