অসম

assam

"হিন্দু মানেই দেশৰ নাগৰিক হ'ব নোৱাৰে" : হীৰেন গোহাঁই

By

Published : Nov 23, 2019, 8:45 PM IST

ভাৰতবৰ্ষৰ অন্য ৰাজ্যত NRC ৰ প্ৰাসংগিকতা নাই"। কেবৰ বিৰুদ্ধে সকলোকে ওলাই আহিবলৈ আহ্বান ডঃ হীৰেন গোহাঁইৰ ৷ হিন্দু মানেই দেশৰ নাগৰিক হ'ব নোৱাৰে ৷ বিজেপি চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিব বিচাৰিছে ৷

"হিন্দু মানেই দেশৰ নাগৰিক হ'ব নোৱাৰে" : হীৰেন গোহাঁই

গুৱাহাটী, নৱেম্বৰ 23 :গুৱাহাটী প্ৰেছ ক্লাৱত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ সংবাদমেল ৷ বিশিষ্ট চিন্তাবিদ হীৰেন গোহাঁই , হৰেকৃষ্ণ ডেকা , উদয়াদিত্য ভৰালীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ লয় এই সংবাদমেলত৷ NRC সন্দৰ্ভত বুদ্ধিজীৱী হীৰেন গোহাঁইয়ে কয় যে," পুনৰ অসমত NRC এক অদ্ভুত কথা ৷ হিন্দু মুছলমানৰ বিভেদৰ সৃষ্টিৰ বাবে এই ঘোষণা কৰিছে বিজেপি চৰকাৰে ৷ ভাৰতবৰ্ষৰ অন্য ৰাজ্যত NRC ৰ প্ৰাসংগিকতা নাই"। আনহাতে, কেবৰ বিৰুদ্ধে সকলোকে ওলাই আহিবলৈ আহ্বান জনায় হীৰেন গোহাঁয়ে ৷ হিন্দু মানেই দেশৰ নাগৰিক হ'ব নোৱাৰে বুলি মত প্ৰকাশ হীৰেণ গোহাঁইৰ ৷ প্ৰকৃততে বিজেপি চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিব বিচাৰিছে ৷ যি সময়ত দেশৰ অৰ্থনৈতিক ব্যৱস্থা ভাঙি পৰিছে সেই মুহূৰ্তত জনসাধাৰণক ব্যস্ত ৰখাৰ বাবে চৰকাৰে এনেধৰণৰ পন্থা লৈছে বুলি সংবাদ মেলত প্ৰকাশ কৰে বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে ৷

"হিন্দু মানেই দেশৰ নাগৰিক হ'ব নোৱাৰে" : হীৰেন গোহাঁই

আৰু পঢ়কঃমৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অৱস্থান ধৰ্মঘট

তাৰোপৰি এই সংবাদ মেলতে আঞ্চলিক দল সমূহক নিৰ্লজ্জ আখ্যা দিয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী মঞ্চৰ আহ্বায়ক মঞ্জিত মহন্তই । এটা ব্যক্তিগত চেনেলৰ এক অনুষ্ঠানত কৃষক মুক্তিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰক বিজেপি নেতাই কৰা অভব্য আচৰণক তীব্ৰ ভাষাৰে সমালোচনা কৰে মঞ্জিত মহন্তৰ লগতে হৰেকৃষ্ণ ডেকাই ৷ বিজেপি দলে যদি এই নেতা জনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে কৃষক মুক্তিৰ নেতাৰ বিৰুদ্ধে এয়া পৰিকল্পিত ষড়যন্ত্ৰ বুলি মন্তব্য কৰে হৰেকৃষ্ণ ডেকাই । লগতে তেখেতে কয় যে যদিহে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হয় তেন্তে অসম চুক্তিৰ পাঁচ নং ধাৰা নস্যাৎ কৰা হ'ব ৷

কৃষক মুক্তিৰ নেতাক আক্ৰমণ কৰাটো পৰিকল্পিতঃ হৰেকৃষ্ণ ডেকা

সংসদত গৃহীত হলেও অসমে কেতিয়াও মানি নলয় নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ যেতিয়ালৈকে চৰকাৰে এই বিধেয়কখন বাতিল নকৰে সংগ্ৰাম চলি যাব বুলি মন্তব্য প্ৰকাশ কৰে হীৰেন গোহাঁয়ে ৷ আছু , কৃষক মুক্তি সংগ্ৰাম সমিতি সকলোৰে লগত কেব বিৰোধিতাৰ বাবে সমৰ্থন কৰাৰ কথাও ব্যক্ত কৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী মঞ্চৰ প্ৰতিজন সদস্যই ৷

লগতে পঢ়কঃসদনতে CABক বাধা দিয়াৰ উদ্দেশ্যে দিল্লীত নেছ’ নেতৃত্বঃ CABক বিৰোধিতা কৰাৰ

ABOUT THE AUTHOR

...view details