অসম

assam

ETV Bharat / state

পুনৰ ‘কা’ বিৰোধী আন্দোলনৰ পোষকতা ড৹ গোহাঁইৰ - caa movement Assam

Anti CAA Movement: ৰাজ্যত পুনৰ আৰম্ভ হ’ব কা বিৰোধী আন্দোলন ৷ এই আন্দোলন পুনৰ আৰম্ভ কৰাৰ আহ্বান জনাইছে বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোঁহায়ে ৷

anti caa movement
কা বিৰোধী আন্দোলন

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 5:02 PM IST

পুনৰ ‘কা’ বিৰোধী আন্দোলনৰ পোষকতা ড৹ গোহাঁইৰ

গুৱাহাটী, ১০ জানুৱাৰী: লোকসভা নিৰ্বাচনৰ পূৰ্বেই নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিবলৈ তৎপৰ হৈছে কেন্দ্ৰৰ বিজেপি চৰকাৰে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইতিমধ্যেই এই কথা ঘোষণা কৰিছে ৷ এনে পৰিস্থিতিত পুনৰ আৰম্ভ হ’ব পাৰে কা বিৰোধী আন্দোলন ৷ বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইৰ অসমৰ জনতালৈ আহ্বান আন্দোলন পুনৰুজ্জীৱিত কৰাৰ বাবে । বুধবাৰে গুৱাহাটী ক্লাবৰ সমীপৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত সংবাদমেল সম্বোধন কৰি অতিশীঘ্ৰে কা বিৰোধী সমন্বয় মঞ্চ‌ই আন্দোলনৰ দিন ঘোষণা কৰিব বুলি মন্তব্য কৰে বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে ।

ড৹ গোহাঁয়ে কয় যে অসমত ২০১৯ চনলৈকে হিন্দু-বাংলাদেশীক অসমত সংস্থাপিত কৰাৰ অভিসন্ধি বিজেপি চৰকাৰৰ ৷ ফলত অসমত ১৯৭১ চনৰ বিদেশী বহিষ্কৰণ আন্দোলনৰ গুৰুত্ব নোহোৱা হ'ব ৷ অসমৰ থলুৱা মানুহৰ অস্তিত্ব নোহোৱা হ'ব ৷ অচিৰেই কা বিৰোধী সমন্বয় মঞ্চৰ বৈঠকত দিন-বাৰ স্থিৰ কৰা হ’ব আন্দোলনৰ বাবে ।

অসমৰ জনসাধাৰণৰ সন্মুখলৈ অস্তিত্বৰ সংকট নামি অহা বুলি মন্তব্য কৰে কৰে ড৹ গোহাঁয়ে । লগতে তেওঁ কয় যে তদানীন্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে গ্ৰুপিঙৰ বিৰুদ্ধে বিধানসভাত ঐতিহাসিক সিদ্ধান্ত লৈছিল আৰু আজি ক্ষমতাত থকা বিজেপি দলে জাতিৰ অস্তিত্ব বিপন্ন কৰা কা আইন বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

কৃষক আন্দোলনৰ ফলত কেন্দ্ৰীয় চৰকাৰে কৃষি আইন বলৱৎ কৰিও উঠাই ল'বলৈও বাধ্য হৈছিল বুলি মন্তব্য কৰে ড৹ গোঁহায়ে । অসমৰ ৰাইজে পুনৰ কা বিৰোধী আন্দোলন সফল কৰি তুলিব বুলি আশা প্ৰকাশ কৰে বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে ।

আনহাতে বিগত সময়ত জুবিন গাৰ্গ আদিৰ দৰে এচামে কা বিৰোধী আন্দোলনক গান-নাচৰ পৰ্যায়লৈ লৈ গৈ বিপথে পৰিচালিত কৰা বুলিও মন্তব্য কৰে হীৰেন গোঁহায়ে । নাগৰিকত্ব সংশোধনী আইন বলবৎ হ'লে অসম আৰু পশ্চিম বংগত লাখ লাখ হিন্দু-বঙালী লোকে প্ৰৱেশ কৰিব বুলি প্ৰকাশ কৰে ড৹ গোঁহায়ে ।

লগতে পঢ়ক:'কা’ৰ বিৰুদ্ধে পুনৰ আন্দোলন হ’ব, এতিয়াও আশাবাদী ড° হীৰেন গোঁহাই

ABOUT THE AUTHOR

...view details