গুৱাহাটী, ২ জুন : চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীলৈ যোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই আজি সাক্ষাৎ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক । মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাচতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই প্ৰথমবাৰৰ বাবে সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷
প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি কি ক'লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ? প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত বিষয়ে অৱগত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । দুয়োৰে আলোচনাত স্থান লাভ কৰে ক'ভিডৰ শেহতীয়া পৰিস্থিতিৰ লগতে বান সমস্যা আৰু ৰাজ্য চৰকাৰে শেহতীয়াকৈ আৰম্ভ কৰা এক লাখ নতুন নিযুক্তি প্ৰক্ৰিয়া প্ৰসংগয়ো ।
আনহাতে, কাৰ্বি বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰৰ লগতে আলফা(স্বা)ৰ সৈতে আলোচনাৰ প্ৰক্ৰিয়া সন্দৰ্ভতো প্ৰধানমন্ত্ৰীৰে আলোচনা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিচাপে ড৹ শৰ্মাই তেওঁৰ এই প্ৰথমটো দিল্লী ভ্ৰমণত ইতিমধ্যে যোৱা দুটা দিনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ, দলৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ৰাজনাথ সিং, নীতিন গাডকাৰীকো সাক্ষাৎ কৰাৰ লগতে আৰ এছ এছৰ মুখ্য কাৰ্যালয়তো এক দীঘলীয়া সময় অতিবাহিত কৰে ৷
লগতে পঢ়ক: অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিত বিপৰ্যস্ত জনজীৱন