অসম

assam

ETV Bharat / state

সাহিত্যিক ড৹ গোলোক চন্দ্ৰ গোস্বামীৰ দেহাৱসান - ড৹ গোলোক চন্দ্ৰ গোস্বামীৰ দেহাৱসান

অসমীয়া সাহিত্যজগতৰ অন্যতম সাধক ড৹ গোলোক চন্দ্ৰ গোস্বামীৰ দেহাৱসান ৷ ৯৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ভাষা সাহিত্যৰ এই গৰাকী সাধকে ৷

Dr Golak Chandra Goswami Death
সাহিত্যিক ড৹ গোলোক চন্দ্ৰ গোস্বামীৰ দেহাৱসান

By

Published : Jan 24, 2020, 9:11 PM IST

গুৱাহাটী,24 জানুৱাৰীঃ অসমীয়া সাহিত্য জগতৰ অন্যতম সাধক ডঃ গোলোক চন্দ্ৰ গোস্বামীৰ দেহাৱসান ৷ ৯৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ভাষা সাহিত্যৰ এই গৰাকী সাধকে ৷ অসমীয়া ব্যাকৰণ আৰু বহু গ্ৰন্থ গৱেষণা কৰি প্ৰণয়ন কৰিছিল এইগৰাকী স্বনামধন্য সাহিত্যিকে ৷ অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰা গোলোক চন্দ্ৰ গোস্বামীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগেই তেখেতৰ অম্বিকাগিৰি নগৰৰ বাসগৃহত ভিৰ কৰেহি বহু গুণমুগ্ধই ৷

সাহিত্যিক ড৹ গোলোক চন্দ্ৰ গোস্বামীৰ দেহাৱসান

শুকুৰবাৰে ডঃ গোস্বামীৰ নশ্বৰ দেহ নৱগ্ৰহলৈ নিয়াৰ পথত বহু অনুষ্ঠান প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধা জনায় ৷ অসম সাহিত্য সভাৰ কাৰ্যালয়তো শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় এইগৰাকী বৰেণ্য় ব্যক্তিক ৷ ইটিভি ভাৰতৰ পৰিয়ালৰ তৰফৰ পৰাও তেখেতলৈ জনোৱা হ’ল শেষ শ্ৰদ্ধাঞ্জলি ৷

লগতে পঢ়ক-বন্দীত্বৰ ১৯ টা বছৰ, এহাল অসহায় পিতৃ মাতৃ

ABOUT THE AUTHOR

...view details