অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত ধৰা পৰিছে মাৰাত্মক "ডাবল মিউটেন্ট বি-1617" - কন্টেইনমেন্ট জ'ন

বৃহস্পতিবাৰে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত সৰ্বদলীয় বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত এই নতুন খবৰ সদৰী কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে, সম্প্ৰতি অসমত ক'ভিডৰ ইউ কে ষ্ট্ৰেইন ধৰা পৰিছে ।

ডিব্ৰুগড়ত ধৰা পৰিছে মাৰাত্মক "ডাবল মিউটেন্ট বি-1617"
ডিব্ৰুগড়ত ধৰা পৰিছে মাৰাত্মক "ডাবল মিউটেন্ট বি-1617"

By

Published : Apr 22, 2021, 9:23 PM IST

গুৱাহাটী,২২ এপ্ৰিল: ক'ভিড ১৯ৰ নতুন ভয়াবহ ৰূপ ডাবল মিউটেন্ট বি-1617 সংক্ৰমিত লোক অসমতো চিনাক্ত হৈছে ।ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত ধৰা পৰিছে এই ৰোগৰ বীজানু । স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে প্ৰকাশ কৰিছে এই কথা । বৃহস্পতিবাৰে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত সৰ্বদলীয় বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত এই নতুন খবৰ সদৰী কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে, সম্প্ৰতি অসমত ক'ভিডৰ ইউ কে ষ্ট্ৰেইন ধৰা পৰিছে । কিন্তু ডাবল মিউটেন্ট হৈছে ইউ কে ষ্ট্ৰেইন আৰু কেলিফ'ৰ্ণিয়া ষ্ট্ৰেইনৰ সংমিশ্ৰণ । সেয়েহে স্বাভাৱিকতে ইয়াৰ ভয়াবহতা অধিক । মহাৰাষ্ট্ৰত এই ডাবল মিউটেন্টেই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ।

ডিব্ৰুগড়ত ধৰা পৰিছে মাৰাত্মক "ডাবল মিউটেন্ট বি-1617"
আনহাতে, বিভিন্ন মহলত পুণৰ লক ডাউনক লৈ আশংকা বিৰাজ কৰি থকাৰ সময়তে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰতি তেনে সম্ভাৱনা খণ্ডণ কৰে । ২ মে'ত নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব । তাৰ পিছত দিছপুৰত বহিব নতুন চৰকাৰ । গতিকে, যি সিদ্ধান্ত লবলগীয়া হয় নতুন চৰকাৰখনেহে ল’ব বুলি তেওঁ মন্তব্য কৰে । কিয়নো লক ডাউনৰ সৈতে অৰ্থনৈতিক বিষয়টো জড়িত হৈ থাকে । লক ডাউনৰ পৰিবৰ্তে ক্ষুদ্ৰ ক্ষুদ্ৰ অঞ্চলত পৰিস্থিতি সাপেক্ষে কন্টেইনমেন্ট জ'ন ঘোষণা কৰা হ’ব বুলি তেওঁ কয় । একেদৰে অসমত এতিয়াও ক'ভিড সংক্ৰমণৰ হাৰ যথেষ্ট কম বুলিও তেওঁ মন্তব্য কৰি কয় যে, গুৱাহাটীত আক্ৰান্তৰ সংখ্যা মঙলবাৰতকৈ বুধবাৰে সামান্য পৰিমাণে হ্ৰাস পাইছে ।

ABOUT THE AUTHOR

...view details