অসম

assam

DoHUA: ৰাজ্যৰ ৯ খনকৈ চহৰৰ মাষ্টাৰপ্লেনত অসম নগৰ পৰিকল্পনা উপদেষ্টা সমিতিৰ অনুমোদন

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 8:03 PM IST

অসমৰ নগৰ আৰু চহৰসমূহত জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে মাষ্টাৰপ্লেন দাখিল কৰা হয় ৷ এই সন্দৰ্ভত মঙলবাৰে মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত দিশপুৰত গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন হয় ৷ ইয়াৰ ভিতৰত 9 খন চহৰ আৰু নগৰক সাঙুৰি লোৱা হৈছে ৷

DoHUA
DoHUA

গুৱাহাটী, ১২ ছেপ্টেম্বৰ: অসম নগৰ আৰু গৃহ পৰিকল্পনা উপদেষ্টা সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক মঙলবাৰে দিশপুৰত অনুষ্ঠিত হয় ৷ এই বৈঠকত ৰাজ্যৰ ৯ খনকৈ চহৰৰ মাষ্টাৰপ্লেনত অনুমোদন জনোৱা হয় ৷ এই চহৰসমূহ হৈছে যোৰহাট, মৰিগাঁও, আমগুৰি, ডিমৌ, ৰহা, সোণাৰি, কামপুৰ, ধিং আৰু টংলা ৷

বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ উপৰিও উল্লিখিত চহৰসমূহৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষসকল, গৃহ নিৰ্মাণ আৰু গৃহ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব আৰু সচিবকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰতিনিধি বিষয়াসকল উপস্থিত থাকে ৷

বৈঠকত সৰ্বসন্মতিক্ৰমে হোৱা সিদ্ধান্ত অনুসৰি মন্ত্ৰী সিংহলে মাষ্টাৰপ্লেন প্ৰস্তুতিৰ দায়িত্বত থকা নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ বিষয়ববীয়াসকলক কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে ৷ সেই অনুসৰি মাষ্টাৰপ্লেনৰ আওতাত পৰা চহৰসমূহত পৰ্যাপ্ত পৰিমাণে মুকলি স্থান, উদ্যান আৰু নিৰ্মাণকাৰ্য বহিৰ্ভূত এলেকা ধাৰ্য কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে ৷

যিকোনো ধৰণৰ উন্নয়নমূলক কাম-কাজ হাতত লোৱাৰ ক্ষেত্ৰত সকলো চৰকাৰী বিভাগেই সংশ্লিষ্ট চহৰৰ অনুমোদিত মাষ্টাৰ প্লেন অনুসৰণ কৰাটো বাধ্যতামূলক কৰাৰ বাবেও মন্ত্ৰী সিংহলে আজিৰ বৈঠকত নিৰ্দেশ প্ৰদান কৰে ৷

এই সন্দৰ্ভত টুইটযোগে মন্ত্ৰীগৰাকীয়ে কয়, ‘‘আমাৰ চহৰ আৰু নগৰৰ ‘জীৱনধাৰণৰ সহজতা’ বৃদ্ধি কৰা ! গুৱাহাটীৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ (DoHUA) অধীনত অসম নগৰ আৰু দেশ পৰিকল্পনা উপদেষ্টা পৰিষদৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত সভাপতিত্ব কৰো ৷ বৈঠকত অসমৰ ৯ খন চহৰ আৰু চহৰৰ মাষ্টাৰ প্লেন দাখিল কৰা হয় ৷ চহৰকেইখন যোৰহাট, ৰহা, কামপুৰ, ধিং, মৰিগাঁও, টাংলা, আমগুৰি, ডিমৌ , সোণাৰী ৷’’

মন্ত্ৰী সিংহলৰ এই নিৰ্দেশ ৰাজ্যৰ ৯ খনকৈ চহৰৰ মাষ্টাৰপ্লেন কিমান দূৰ কাৰ্যকৰী হ’ব সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক:Assam CM Air Expenses : এটা বছৰত মন্ত্ৰীমণ্ডলীসহ মুখ্যমন্ত্ৰীৰ আকাশী যাত্ৰাত ব্যয় ৩৪ কোটিৰো অধিক ! বিধানসভাত চৰকাৰৰ তথ্য

ABOUT THE AUTHOR

...view details