অসম

assam

ETV Bharat / state

ক'ভিডৰ পৰা সুস্থ হোৱাৰ পাছতো মৃত্যুদূতৰ ৰূপ ল’ব পাৰে অংগ বিকলতাই - medicine specialist

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড জনিত মৃত্যুৰ সংখ্যা ৷ ক'ভিডৰ পৰা সুস্থ হোৱাৰ পাছত আন ৰোগৰ নিয়মীয়া পৰীক্ষা-নিৰীক্ষাৰ লগতে কিবা অসুবিধা পালেই পলম নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ৰোগী সকলে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ক’ভিড জনিত মৃত্যু সম্পৰ্কত বহু দিশ অৱগত কৰে বিশিষ্ট মেডিচিন বিশেষজ্ঞ ডাঃ ভৱানী প্ৰসাদ চক্ৰৱৰ্তীয়ে ৷

increase in covid related death cases
ক'ভিডৰ পৰা সুস্থ হোৱাৰ পাছতো মৃত্যুদূতৰ ৰূপ ল’ব পাৰে অংগ বিকলতাই

By

Published : Jul 6, 2021, 9:52 PM IST

গুৱাহাটী, ৬ জুন :ক'ভিডৰ পৰা সুস্থ হোৱাৰ পাছতো ক'ভিডজনিত কাৰণত অন্য ৰোগত মৃত্যু হোৱা লোকৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাব ধৰিছে । বহু সময়ত দেখা গৈছে যে, ক'ভিডৰ পৰা সুস্থ হৈ ঘৰলৈ যোৱাৰ পিছতো বহু লোক আন ৰোগৰ বাবে পুনৰ অসুস্থ হৈ মৃত্যু মুখত পৰিছে । বিশেষকৈ বিভিন্ন ক্ৰ’নিক ৰোগ(chronic disease) ত আক্ৰ‍ান্ত হৈ থকা বয়োজ্যেষ্ঠ লোকসকলৰ ক্ষেত্রত মৃত্যুৰ হাৰ বেছিকৈ দেখা গৈছে ।

ইতিমধ্যে, কৰ'ণাৰ পৰা আৰোগ্য লাভ কৰাৰ পাছত ক'ভিডকেন্দ্ৰিক জটিলতাৰ বাবে আন ৰোগত অসমৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ মৃত্যু হৈছে । পৰোক্ষভাৱে ক'ভিডৰ বাবেই বহু লোকে মৃত্যুক আকোঁৱালি ল'ব লগীয়া হৈছে । প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ(Ex CM Tarun Gogoi), স্বনামধন্য সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞি, বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ ক'ভিডৰ পৰা আৰোগ্য লাভ কৰাৰ পাছতো ক'ভিডজনিত জটিলতাৰ বাবে আন ৰোগত মৃত্যু হৈছিল ।

চৰকাৰী তথ্য মতে ক'ভিডত আক্ৰান্ত হৈ আন ৰোগৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১,৩৪৭ গৰাকী । ক'ভিডজনিত কাৰণত মৃত্যুৰ হাৰ বৃদ্ধি পোৱা ঘটনাই সকলোকে উদ্বিগ্ন কৰি তুলিছে ।

ক'ভিডৰ পৰা সুস্থ হোৱাৰ পাছতো মৃত্যুদূতৰ ৰূপ ল’ব পাৰে অংগ বিকলতাই

এই সন্দৰ্ভত গুৱাহাটীৰ হেল্থ চিটী হাস্পতালৰ চিকিৎসা সঞ্চালক তথা মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ ভৱানী প্ৰসাদ চক্ৰবৰ্তীৰ এক আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল । সাক্ষাৎকাৰত ডাঃ চক্ৰবৰ্তীয়ে এইক্ষেত্রত বহুকেইটা দিশ উল্লেখ কৰে । ক'ভিডে হাওঁফাওঁকে আদি কৰি মানৱ দেহৰ বহু অংগত ক্ষতি সাধন কৰিব পাৰে ।

বিশেষকৈ, বয়োজ্যেষ্ঠ লোকসকল যথেষ্ট সাৱধান হ'ব লাগিব বুলি মন্তব্য কৰে চিকিৎসক গৰাকীয়ে ৷ ক'ভিডৰ পৰা সুস্থ হোৱাৰ পাছত আন ৰোগৰ নিয়মীয়া পৰীক্ষা-নিৰীক্ষাৰ লগতে কিবা অসুবিধা পালেই পলম নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত । বহু সময়ত ক'ভিডে শৰীৰৰ ভিতৰৰ অংশৰ বিভিন্ন অংগৰ যথেষ্ট ক্ষতিসাধন কৰে বুলি উল্লেখ কৰে ডাঃ চক্ৰবৰ্তীয়ে ।

ইয়াৰ ফলত মৃত্যু মুখত পৰিব পাৰে বহুলোক । যাৰবাবে ক'ভিড হোৱাৰ পাছতো সকলো লোকেই যথেষ্ট সচেতন হৈ থকাটো প্ৰয়োজনীয় বুলি মন্তব্য কৰে ডাঃ চক্ৰবৰ্তীয়ে । তদুপৰি, ভেকচিনৰ দুয়োটা পালি লোৱাৰ পাছতো পুনৰ ক'ভিড হ'ব পাৰে । সেয়ে সকলোৱে সকলো সময়তে ক'ভিড প্ৰট'কল(covid protocol)সমূহ মানি চলা উচিত বুলিও পৰামৰ্শ দিয়ে বিশিষ্ট মেডিচিন বিশেষজ্ঞ(medicine specialist) গৰাকীয়ে ।

লগতে পঢ়ক :নতুন SOP অনুসৰি কি কি নীতি-নিয়ম প্ৰযোজ্য হ’ব আপোনাৰ জিলাত

ABOUT THE AUTHOR

...view details