গুৱাহাটী, 17 জুনঃ সমগ্ৰ ৰাজ্যতে স্তব্ধ হৈ পৰিছে চিকিৎসা সেৱা ৷ ৰোগীক চিকিৎসা প্ৰদানৰ পৰা বিৰত ৰাজ্যৰ চিকিৎসক সমাজ ৷ সোমবাৰে পুৱা 8 বজাৰ পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পাতালৰ চৌহদত প্ৰতিবাদীমুখী হৈ পৰে কনিষ্ঠ চিকিৎসক সকল ৷ পশ্চিমবংগত সৃষ্ট উদ্বেগজনক পৰিস্থিতিৰ আশু সমাধান আৰু কেন্দ্ৰীয় আদৰ্শ চিকিৎসা সেৱা সুৰক্ষা" আইন শীঘ্ৰে বলবৎ কৰাৰ দাবীৰে সোমবাৰে উত্তাল হৈ পৰে চিকিৎসক সমাজ ৷
চিকিৎসকৰ প্ৰতিবাদত উত্তাল ৰাজ্যঃ ব্যাহত চিকিৎসা সেৱা - etv bharat
নিখিল ভাৰত চৰকাৰী চিকিৎসক মহাসংঘ (AIFGDA) আৰু অসম চৰকাৰী চিকিৎসা সেৱা সন্থা (AMSA)ৰ আহ্বানক্ৰমে চিকিৎসকৰ ওপৰত ক্ৰমান্বয়ে বৃদ্ধি পোৱা অত্যাচাৰৰ প্ৰতিবাদত গুৱাহাটী মেডিকেল কলেজ হাস্পাতালৰ পৰা আৰম্ভ কৰি ক্ৰমে চিৰাং জিলা সদৰ কাজলগাঁওৰ জে এচ অসামৰিক চিকিৎসালয়, মৰিগাঁও অসামৰিক চিকিৎসালয়ত অসম চিকিৎসা সেৱা সন্থা,বৰপেটা মেডিকেল কলেজ হাস্পাতালৰ লগতে শিলচৰ চিকিৎসালয়, ওডালগুৰি, ৰঙিয়া, কৰিমগঞ্জ , কোকৰাঝাৰ আৰু গোলাঘাট জিলাতো চিকিৎসক সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷
![চিকিৎসকৰ প্ৰতিবাদত উত্তাল ৰাজ্যঃ ব্যাহত চিকিৎসা সেৱা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3580829-thumbnail-3x2-fg.jpg)
নিখিল ভাৰত চৰকাৰী চিকিৎসক মহাসংঘ (AIFGDA) আৰু অসম চৰকাৰী চিকিৎসা সেৱা সন্থা (AMSA)ৰ আহ্বানক্ৰমে চিকিৎসকৰ ওপৰত ক্ৰমান্বয়ে বৃদ্ধি পোৱা অত্যাচাৰৰ প্ৰতিবাদত গুৱাহাটী মেডিকেল কলেজ হাস্পাতালকে ধৰি ক্ৰমে চিৰাং জিলা সদৰ কাজলগাঁওৰ জে এচ অসামৰিক চিকিৎসালয়, মৰিগাঁও অসামৰিক চিকিৎসালয়ত অসম চিকিৎসা সেৱা সন্থা,বৰপেটা মেডিকেল কলেজ হাস্পাতালৰ লগতে শিলচৰ চিকিৎসালয়, ওদালগুৰি, ৰঙিয়া, কৰিমগঞ্জ , কোকৰাঝাৰ, ডুমডুমা,ৰঙিয়া আৰু গোলাঘাট জিলাতো চিকিৎসক সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখ্য যে, চলিত মাহৰ 10 জুনত পশ্চিমবংগত এগৰাকী চিকিৎসকক আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যত সাব্যস্ত কৰে প্ৰতিবাদ ৷ আনহাতে চিকিৎসালয় সমূহৰ ভৌগোলিক দিশৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসক সমাজে এটা সময় নিৰ্ধাৰণ কৰি পৰৱৰ্তী সময়ত পুনৰ স্বাভাৱিকভাৱে ৰোগী চোৱাচিতা কৰা আৰম্ভ কৰে ৷