গুৱাহাটী, 1 জুলাই: ৰোগীসকলৰ বাবে চিকিৎসকসকল দেৱতা বা ভগৱানৰ লেখীয়া । এই চিকিৎসকসকলে মানৱ জাতিলৈ আগবঢ়োৱা মানৱীয় সেৱাৰ বাবে তেওঁলোকক কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে উদযাপন কৰা হয় এটা বিশেষ দিন । প্ৰতি বছৰৰ ১ জুলাইৰ দিনটো ‘চিকিৎসক দিৱস’(Doctors Day) হিচাপে পালন কৰি অহা হৈছে ৷ যিটো প্ৰতিজন চিকিৎসকৰ বাবে এটা বিশেষ দিন ।
ভাৰতত চিকিৎসক দিৱসৰ আঁৰত আছে এটা অতি আকৰ্ষণীয় কাহিনী । এই দিৱস ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্ম দিৱসত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে পালন কৰা হয় । এই বিখ্যাত চিকিৎসকজনৰ জন্ম হৈছিল 1882 চনৰ 1 জুলাইত আৰু মৃত্যু হৈছিল 1962 চনৰ 1 জুলাইত । ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ সৈতে সংগতি ৰাখি মহানগৰীৰ হেল্থ চিটি হাস্পতালত বৃহস্পতিবাৰে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
উল্লেখ্য যে, ভাৰতবৰ্ষৰ প্ৰবাদ প্ৰতীম চিকিৎসক ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্ম দিনটোক প্ৰত্যেক বছৰে নেছনেল ডক্টৰছ ডে' হিচাপে পালন কৰা হয় । হেল্থ চিটি হাস্পতাল কৰ্তৃপক্ষই বিগত বৰ্ষবোৰৰ দৰেই এইবেলিও কেক কাটি ডাঃ বি চি ৰায়ৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে হাস্পতালখনৰ চিকিৎসকসকলক সম্বৰ্ধনা জনায় । ক'ভিড প্ৰ'টকল মানি অনুষ্ঠিত কৰা চিকিৎসক দিৱসৰ অনুষ্ঠানত হেল্থ চিটি হাস্পতালৰ চিকিৎসা সঞ্চালক ডাঃ ভৱানী প্ৰসাদ চক্ৰৱৰ্তীয়ে কয়-' ভয়াৱহ ক'ভিড পৰিস্থিতিত নিজৰ জীৱনক তুচ্ছ কৰি চিকিৎসকসকলে যি আদৰ্শ আৰু সেৱাৰ মনোবৃত্তি প্ৰকাশ কৰি আহিছে, সেয়া ডাঃ বি চি ৰায়ৰ আদৰ্শকে প্ৰতিফলিত কৰে ।