গুৱাহাটী, 19 অক্টোবৰ :মহানগৰীৰ পাণ্ডুৰ মানৱাধিকাৰ কৰ্মী মনজিৎ সিনহালৈ আগবঢ়োৱা হৈছে সন্মানীয় ডক্টৰেট ডিগ্ৰী । তেলেংগানাৰ ডেস্প্ৰিং খ্ৰীষ্টিয়ান বিশ্ববিদ্যালয়ে প্ৰদান কৰে এই ডিগ্ৰী । দীৰ্ঘদিন ধৰি সমাজৰ হকে নানা কাম কৰি আহিছে মনজিৎ সিনহাই । গুৱাহাটীৰ মানৱাধিকাৰ কৰ্মী ৰূপেও চিনাকি আছে তেখেতৰ । যোৱা কিছুদিন পূৰ্বে এগৰাকী বিশেষভাৱে সক্ষম কিশোৰক ভৰলুমুখত আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনা, ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰ আদি ঘটনাৰ ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত এক অগ্ৰনী ভূমিকা লৈছিল সিনহাই ।
মানৱাধিকাৰ কৰ্মী মনজিৎ সিনহালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী - মানৱাধিকাৰ কৰ্মী
ভিন্ন সামাজিক কামৰ বাবে পাণ্ডুৰ মানৱাধিকাৰ কৰ্মী মনজিৎ সিনহাই লাভ কৰে সন্মানীয় ডক্টৰেট ডিগ্ৰী ৷ তেলেংগানাৰ ডেস্প্ৰিং খ্ৰীষ্টিয়ান বিশ্ববিদ্যালয়ে তেওঁক প্ৰদান কৰে সন্মানীয় ডক্টৰেট ডিগ্ৰী ৷
বিভিন্ন সামাজিক, স্বেচ্ছামূলক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে তেখেত । ইয়াৰোপৰি মহাত্মা গান্ধী গ্ল'বেল পীছ ফৰাম নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ প্ৰতিষ্ঠাপক মনজিৎ সিনহা । এই সংস্থাৰ জৰিয়তেও সমাজৰ বিভিন্ন কাম কৰি আছে মানৱাধিকাৰ কৰ্মীগৰাকীয়ে । সিনহাৰ এনে কেতবোৰ সামাজিক কাম-কাজৰ বাবেই সন্মানীয় ডক্টৰেট ডিগ্ৰী আগবঢ়াইছে ডেস্প্ৰিং খ্ৰীষ্টিয়ান বিশ্ববিদ্যালয়ে । হাইদৰাবাদত অনুষ্ঠিত বিশ্ববিদ্যালয়খনৰ ১৭ তম সমাৱৰ্তন অনুষ্ঠানত সিনহাক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ডিগ্ৰী । বিশ্ববিদ্যালয়খনৰ তৰফৰ পৰা এই সন্মানীয় ডিগ্ৰী লাভ কৰি অতিকৈ আনন্দিত মানৱাধিকাৰ কৰ্মী মনজিৎ সিনহা ।
লগতে পঢ়ক:ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন প্ৰখ্যাত অৰ্থনীতিবিদ ডঃ জয়ন্ত মাধৱৰ