অসম

assam

ETV Bharat / state

Dr Sangeeta Dutta case : গ্ৰেপ্তাৰ হ’ল পলাতক চিকিৎসক ডাঃ সংগীতা দত্ত

অৱশেষত শনিবাৰে নিশা আৰক্ষীৰ জালত পৰিল ডাঃ সংগীতা দত্ত (Dr Sangeeta Dutta case) । তোলনীয়া কন্যা সন্তানক নিৰ্যাতন চলোৱাৰ অভিযোগতে শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰা হৈছিল চিকিৎসক ডাঃ ৱালিউল ইছলামক (Doctor couple accused of assault minor daughter)। শনিবাৰে তেওঁৰ পত্নী চিকিৎসক ডাঃ সংগীতা দত্তকো আটক কৰাৰ সম্ভাৱনা আছিল ৷ কিন্তু আৰক্ষীয়ে আটক কৰা পূৰ্বে পলায়ন কৰিছিল ডাঃ সংগীতা দত্তই ৷

Dr Sangeeta Dutta case
গ্ৰেপ্তাৰ হ’ল ডাঃ সংগীতা দত্ত

By

Published : May 7, 2023, 7:11 AM IST

গুৱাহাটী, ৭ মে’ :অৱশেষত গ্ৰেপ্তাৰ হ’ল ডাঃ সংগীতা দত্ত । শনিবাৰে নিশা মনোৰোগ বিশেষজ্ঞগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই খানাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে (Sangeeta Dutta arrested in Alleged Child Abuse Case)। ডাঃ ৱালিউল ইছলামক গ্ৰেপ্তাৰ কৰাৰ পাচৰে পৰা পলাতক হৈ আছিল ডাঃ সংগীতা দত্ত (Dr Sangeeta Dutta case) ।

উল্লেখ্য যে, মহানগৰীৰ মাজমজিয়াত সংঘটিত চিকিৎসক দম্পতীৰ শিশু নিৰ্যাতন কাণ্ডই জোকাৰি গৈছে ৰাজ্য । দম্পতীটোৱে শুকুৰবাৰে প্ৰখৰ ৰ’দত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল তেওঁলোকৰ তিনি বছৰীয়া তোলনীয়া কন্যা শিশুটিক । কাষৰীয়াৰ অভিযোগৰ ভিত্তিত পল্টন বজাৰ আৰক্ষী চাইল্ডলাইনৰ সহযোগত শুকুৰবাৰে উদ্ধাৰ কৰিছিল শিশুটিক । শিশুটিয়েও চিকিৎসক পিতৃ-মাতৃয়ে ঘৰৰ ছাদত বান্ধি থোৱা বুলি দিছিল বিস্ফোৰক স্বীকাৰোক্তি (Doctor couple accused of assault minor daughter) ।

তাৰ পাচতে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০৭/৩২৫/ ৩৪১/৩৪ আৰু কিশোৰ ন্যায় আইনৰ ৭৫ ধাৰাৰ অধীনত ১৯৩/২৩ নম্বৰত এক গোচৰ ৰুজু কৰি ডাঃ ৱালিউল ইছলামক শুকুৰবাৰে আটক কৰি জেৰা চলায় ৷ তাৰ পাচত শনিবাৰে গ্ৰেপ্তাৰ কৰে চিকিৎসক ৱালিউল ইছলামক আৰু আদালতত তেওঁ হাজিৰ কৰি আৰক্ষীয়ে ৫ দিনৰ জিন্মাত লয় (Doctor Couple Detained in Alleged Child Abuse Case)।

আনহাতে, ঘটনা সংক্ৰান্তত আৰক্ষীয়ে চিকিৎসক দম্পতীৰ ঘৰৰ বনকৰা মহিলা লক্ষী ৰায়কো গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । আনকি জানিব পৰা মতে, শনিবাৰ আৰক্ষীয়ে চিকিৎসক দম্পতীৰ পল্টন বজাৰস্থিত ৰমা এনক্লেভটো তালাচী চলায় ৷

ইফালে দীৰ্ঘদিন ধৰি ৩ বছৰীয়া কন্যাগৰাকীৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাই আহিছিল চিকিৎসক দম্পতীটোৱে । এই অভিযোগ কৰিছে চিকিৎসক দম্পতীটোৰ চুবুৰীয়াই ৷ আনকি উদ্ধাৰ কৰা পিছত শিশুটিৰ দেহত স্পষ্ট হৈ আছে আঘাতৰ চিনো । অভিযোগ অনুসৰি, ডাঃ সংগীতা দত্তৰ নিৰ্দেশত স্বামীয়ে তালিবানীৰ দৰে নিৰ্যাতন চলাইছিল শিশুটিক ।

সংগীতা দত্ত আৰু তেওঁৰ স্বামীয়ে বৰ্ণনা কৰিব নোৱাৰা নিৰ্যাতন চলাইছিল শিশুটিৰ ওপৰত । আনকি শৰীৰৰ গোপন অংগত চিকিৎসক দম্পতীটোৱে শিশুটিক আঘাত কৰিছিল বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Waliul Islam case : অবৈধভাৱে তুলি লোৱা কন্যাক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হ’ল চিকিৎসক ডাঃ ৱালিউল ইছলাম

ABOUT THE AUTHOR

...view details