অসম

assam

By

Published : Dec 11, 2020, 10:39 PM IST

ETV Bharat / state

চিকিৎসা ব্যৱস্থাৰ একত্ৰিকৰণৰ বিৰোধিতাৰে চিকিৎসকৰ প্ৰতিবাদ

চৰকাৰৰ চিকিৎসাৰ একত্ৰিকৰণ সিদ্ধান্তৰ বিৰুদ্ধে শুকুৰবাৰে বিৰোধ প্ৰদৰ্শন কৰিলে সমগ্ৰ দেশৰ শৈল্য চিকিৎসক সকলে ৷ হাতে হাতে প্লে কাৰ্ড লৈ দহ ঘন্টীয়া প্ৰতিবাদত নামিল মহানগৰীৰ ব্যক্তিগত খণ্ডৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠানৰ চিকিৎসক সকলে ৷

doctor-protest-at-guwahati
চিকিৎসাৰ একত্ৰিকৰণৰ বিৰোধিতাৰে চিকিৎসক সকলৰ প্ৰতিবাদ

গুৱাহাটী, 11 ডিচেম্বৰ : সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীৰ ইণ্ডিয়ান মেডিকেল এছচিয়েশ্বনৰ অন্তৰ্গত চিকিৎসকৰ প্ৰতিবাদ ৷ ৰাজ্যৰ আন প্ৰান্তৰ চিকিৎসা প্ৰতিষ্ঠান সমূহৰ দৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতো ইণ্ডিয়ান মেডিকেল এচোচিয়েচনৰ অন্তৰ্গত চিকিৎসকসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ হাতে হাতে প্লে’ কাৰ্ড লৈ প্ৰতিবাদত নামিল চিকিৎসকসকল ৷ প্ৰতিবাদৰ সময়ছোৱাত আয়ুৰ্বেদিক, হোমিয়পেঠিক আৰু এলোপেঠি চিকিৎসাৰ একত্ৰিকৰণৰ তীব্ৰ বিৰোধিতা চিকিৎসক সমাজৰ ৷

চিকিৎসাৰ একত্ৰিকৰণৰ বিৰোধিতাৰে চিকিৎসক সকলৰ প্ৰতিবাদ

দেশৰ আয়ুৰ্বেদিক, হোমিয়পেঠিক আৰু এলোপেঠিক চিকিৎসাৰ একত্ৰিকৰণৰ বিৰোধিতাৰে গুৱাহাটী মহানগৰীৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসা প্ৰতিষ্ঠানৰ চিকিৎসক সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ শুকুৰবাৰে ৰোগী শুশ্ৰূষা এৰি হাতে হাতে প্লে কাৰ্ড লৈ দহ ঘন্টীয়া প্ৰতিবাদত নামিল মহানগৰীৰ হেল্থ চিটি হাস্পতালৰ লগতে আন আন চিকিৎসালয়ৰ চিকিৎসকসকলে ৷

উল্লেখ্য যে, শুকুৰবাৰে ৰাতিপুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ জৰুৰীকালীন সেৱাৰ বাহিৰে বন্ধ থাকিল চিকিৎসালয় সমূহৰ সকলোধৰণ চিকিৎসা সেৱা ৷ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসকসকলৰ অভিযোগ, কেন্দ্ৰীয় চৰকাৰৰ দেশৰ চিকিৎসা খণ্ডৰ একত্ৰিকৰণৰ সিদ্ধান্ত জনতাৰ চৰম পৰিপন্থী ৷ এয়া সৰ্বসাধাৰণৰ হিতৰ বাবে নহয় ৷

লগতে পঢ়ক:কৃষি আইনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত আবেদন কৃষক ইউনিয়নৰ

ABOUT THE AUTHOR

...view details