গুৱাহাটী, ২১ অক্টোবৰ :ডাঃ ধনীৰাম বৰুৱা । প্ৰায় আঢ়ৈ দশক পূৰ্বে বিশেষভাৱে চৰ্চাত থকা অসমৰ এইজন চিকিৎসক পুনৰ চৰ্চালৈ আহিছে । প্ৰায় আঢ়ৈ দশকৰ পূৰ্বে এইজন চিকিত্সকে অসমত দেখা এটা সপোন বাস্তৱ হ’ল আমেৰিকাত । মানৱ শৰীৰত সফলতাৰে সংৰোপণ কৰা হ’ল গাহৰিৰ বৃক্ক ৷ ৯০ৰ দশকতে ডাঃ ধনীৰাম বৰুৱাই তেওঁৰ সোণাপুৰত থকা হাৰ্ট চিটীত এজন লোকৰ শৰীৰত গাহৰিৰ হৃদযন্ত্ৰ সংৰোপন কৰিছিল । কিন্তু ডাঃ বৰুৱা সফল হোৱা নাছিল আৰু সেই ৰোগীজনৰ মৃত্যু হৈছিল ৷ ১৯৯৭ চনত চিকিৎসক ডাঃ ধনীৰাম বৰুৱাই মানৱ দেহত গাহৰিৰ হৃৎপিণ্ড সংৰোপণ কৰাৰ অভিযোগত ৪০দিন জে'ল খাটিব লগা হৈছিল ।
৩২ বছৰীয়া ৰোগীজন গাহৰিৰ হৃৎপিণ্ডৰে ৭ দিন জীয়াই আছিল বুলি জনা যায় । সেই সময়ত ডাঃ বৰুৱাই অৱশ্যে দাবী কৰিছিল যে, লোকজনৰ শৰীৰত প্ৰথমতে সংৰোপণ কৰা মানৱ শৰীৰৰ হৃদযন্ত্ৰই কাম কৰা নাছিল । কিন্তু সেই সময়ত তেওঁৰ কথা কোনেও শুনা নাছিল তথা শুনাৰ পৰিৱেশো নাছিল । সেই সময়ত সেই ঘটনাই সমগ্ৰ বিশ্বজুৰি প্ৰতিক্ৰিয়া হৈছিল । ডাঃ বৰুৱা ৰঙাঘৰত সোমাবলগীয়া হৈছিল । বিভিন্ন ধৰণে তেওঁক সমালোচনাৰে থকা-সৰকা কৰা হৈছিল, আনকি চিকিত্সক সমাজো তেওঁৰ বিৰুদ্ধে থিয় দিছিল ।
সেই ঘটনাৰ পাছত ডাঃ ধনীৰাম বৰুৱাই বিভিন্ন সময়ত বিভিন্ন ধৰণে অত্যাচাৰৰ সন্মুখীন হৈছিল । কিন্তু সুদীৰ্ঘ প্ৰায় আঢ়ৈটা দশকৰ পাছত তেওঁৰ সেই গৱেষণা তথা সপোনে আমেৰিকাত সফল ৰূপ পালে । প্রথমবাৰৰ বাবে মানৱ দেহত গাহৰিৰ বৃক্কৰ সফল সংৰোপণ কৰি আমেৰিকাৰ শল্য চিকিৎসকে চিকিৎসাখণ্ডত যুগান্তকাৰী সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে । আমেৰিকা যুক্তৰাষ্ট্রৰ নিউয়র্ক চহৰৰ এন ৱাই ইউ লেংগন হেল্থত এজন ৰোগীৰ দেহত চিকিৎসকৰ দল এটাই গাহৰিৰ বৃক্ক সংৰোপণ কৰিলে ।
বৃক্ক সংৰোপণৰ পাছত ৰোগীজনৰ প্রতিৰোধী ব্যৱস্থাত কোনোধৰণৰ নেতিবাচক প্রতিক্রিয়া হোৱা নাই । ইয়ে শল্য চিকিৎসকৰ দলটোক মানৱ শৰীৰত গাহৰিৰ বৃক্ক সংৰোপণৰ পৰীক্ষণত সফলতা অনাত সহায় কৰিলে। চার্জন ডাঃ ৰবার্ট মণ্টগোমাৰীয়ে নেতৃত্ব লোৱা এই সফল গৱেষণা চলোৱা হৈছে এন ৱাই ইউ লেংগন হেল্থত চিকিৎসাধীন হৈ থকা এগৰাকী মহিলা ৰোগীৰ দেহত । মগজুৰ লগতে মহিলাগৰাকীৰ বৃক্ক প্রায় বিকল হৈ পৰাৰ পাছত শল্য চিকিৎসকৰ দলটোৱে পৰিয়ালৰ সন্মতি সাপেক্ষে লাইফ ছাপৰ্টত নিয়াৰ পূর্বে মহিলাগৰাকীৰ বৃক্কটো আঁতৰাই গাহৰিৰ বৃক্ক সংৰোপণ কৰে ।