গুৱাহাটী,24 আগষ্ট: অৰুণাচল প্ৰদেশৰ মাটিত দশকৰ পাছত দশক ধৰি বসতি কৰি অহা ছাকমা আৰু হাজং জনগোষ্ঠীৰ লোক সকলক ৰাজ্য খনৰ পৰা নি আন স্থানত সংস্থাপিত কৰাৰ বাবে চৰকাৰে লোৱা তৎপৰতাই জনগোষ্ঠী দুটাৰ মাজত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ যাৰ বাবে অৰুণাচলৰ প্ৰায় 56 খন গাঁৱত কেইবা দশক ধৰি বসবাস কৰি অহা ছাকমা আৰু হাজং জনগোষ্ঠীৰ লোক সকলক স্থায়ী বাসিন্দাৰ স্বীকৃতি দিয়াৰ দাবী কৰিছে কেইবাটাও দল-সংগঠনে ৷
ইয়াৰ মাজতে মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰে কমিটি ফৰ চিটিজেনশ্বিপ ৰাইটছ অৱ ছাকমা এণ্ড হাজংছ অৱ অৰুনাচল প্ৰদেশ নামৰ সংগঠনটোৱে অৰুণাচলত বসবাস কৰা ছাকমা আৰু হাজং জনগোষ্ঠীৰ লোকক স্থায়ী বাসিন্দাৰ স্বীকৃতি দিয়াৰ দাবী তোলে ৷ উল্লেখযোগ্য যে,যোৱা 15 আগষ্টত অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে তেওঁৰ ভাষণত কয় যে,ভাৰত চৰকাৰৰ সিদ্ধান্ত মৰ্মে ৰাজ্যৰ পৰা অনুপ্ৰবেশকাৰী সকলক বাহিৰ কৰি দিয়া হ'ব ৷
যিহেতু ছাকমা সকল অনুসূচীত জনগোষ্ঠীৰ নহয় সেয়ে তেওঁ লোকো অৰুণাচলত থাকিব নোৱাৰিব ৷ পেমা খাণ্ডুৰ এই মন্তব্যৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱেও চাকমা আৰু হাজং জনগোষ্ঠীৰ লোক সকলক আন ঠাইলৈ স্থানান্তৰ কৰা হ'ব বুলি মন্তব্য কৰিছিল ৷ ইয়াৰ পাছতে অৰুণাচল প্ৰদেশত বসতি কৰি অহা ছাকমা আৰু হাজং জনগোষ্ঠীৰ লোক সকলৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া ৷
মন কৰিবলগীয়া যে,চৰকাৰী হিচাপ মতে,অৰুণাচলৰ প্ৰায় 56 খন গাঁৱত 65867 গৰাকী ছাকমা আৰু হাজং জনগোষ্ঠীৰ লোকে বসবাস কৰি আছে ৷ এই সন্দৰ্ভত অৰুণাচল প্ৰদেশ চাকমা ছাত্ৰ সন্থাৰ সভাপতি দৃশ্য মুণি চাকমাই সাংবাদিকৰ আগত কয় যে, অৰুণাচলত থকা নব্বৈ শতাংশ লোকেই জন্ম সূত্ৰে ভাৰতৰ নাগৰিক ৷ নাগৰিকত্ব আইন 1955 ৰ 3 নং ধাৰা অনুসৰি এই কথা স্পষ্ট ৷ কিন্তু তাৰ পিছতো পেমা খাণ্ডু আৰু কিৰেণ ৰিজিজুয়ে চাকমা আৰু হাজং সকলক ৰাজ্যৰ পৰা বাহিৰলৈ পঠিয়াব বিচাৰিছে ৷