গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী :পাম তেলৰ খেতিৰ যোগেদি ৰামদেৱৰ 'ৰুচি ছয়া'ক ধনী কৰিবৰ বাবে নৰেন্দ্ৰ মোডী চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰ ধ্বংস কৰিব বিচাৰিছে (Modi govt seeks to destroy biodiversity in North East ) । এই অভিযোগ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ (Pressmeet on MP Pradyut Bordoloi) । বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি সাংসদগৰাকীয়ে পাম তেলৰ প্ৰসংগকলৈ সৰৱ হৈ পৰে ।
তেওঁ কয় যে, মোডী চৰকাৰে North East Industrial and Investment Promotion Policy ৰ যোগেদি ৰামদেৱৰ পতঞ্জলীক শোণিতপুৰৰ বালিপৰাত প্ৰায় ৭০০ বিঘা মাটি প্ৰদান কৰিছিল । ২০১৬ চনত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধুমধামেৰে অনুষ্ঠান পাতি সেই Industrial Growth Centre ৰ নামত থকা ৭০০ বিঘা মাটি ৰামদেৱৰ পতঞ্জলী’ক পানীৰ দৰত গতাই দিছিল । ‘পতঞ্জলী'ৰ উদ্যোগৰ নামত বালিপৰাত 'লেবেল’ লগাই সামগ্ৰী উৎপাদনৰ নামত ৰামদেৱে শ শ কোটি টকাৰ ৰাজ সাহাৰ্য লাভ কৰিলে ।
এইবাৰ পাম তেলৰ নামত ৰামদেৱক ধনী কৰি উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰ ধ্বংস কৰিব বিছাৰিছে মোডী চৰকাৰে ।
সাংসদগৰাকীয়ে কয় যে, এইবাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে তৈল খেজুৰ বা পাম তেলৰ খেতিৰ শিতানত বাজেটত ১,৫০০ কোটি টকা ধাৰ্য কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পছন্দৰ আৰু গোপন বুজাবুজিৰ পৰিণতিত তৈল খেজুৰৰ সৰ্বাধিক আমদানিকৰ্তা হিচাপে ৰামদেৱ আৰু তেওঁৰে এটা প্ৰতিষ্ঠান 'ৰুচি ছয়া'ক উত্তৰ পূৰ্বাঞ্চলৰ তৈল খেজুৰ খেতিৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত বাছনি কৰি লুণ্ঠনৰ সুবিধা কৰি দিয়া হৈছে ।
তেওঁ কয় যে, উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত পাম তেল খেতিৰ ব্যাপক সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আৰু জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি নোহোৱাকৈ এই বিষয়ত বিজ্ঞানসন্মত পৰিকল্পনাৰ আধাৰত আগবাঢ়িবলৈ দেশৰ আগশাৰীৰ ১০০ৰো অধিক বিখ্যাত পৰিৱেশ বিজ্ঞানীয়ে ২০২১ চনৰ ১ ডিচেম্বৰত এখন পত্ৰযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতি আহ্বান জনাইছিল ।