অসম

assam

ETV Bharat / state

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন পোহৰৰ উৎসৱ দীপাৱলী - DIWALI IN NOGAON

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন পোহৰৰ উৎসৱ দীপাৱলী

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন দীপাৱলী

By

Published : Oct 28, 2019, 12:02 AM IST

নিউজ ডেস্ক, 27 অক্টোবৰ: সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় পোহৰৰ উৎসৱ দীপাৱলী ৷ এইবাৰ নগাঁৱৰ ইক'ভ ক্লাৱৰ ৰূপালী জয়ন্তী উদযাপন কৰিছে ৷ সেই উপলক্ষে চাৰিদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে কালি পূজাৰ ৷ অগণন ভক্তপ্ৰাণ ৰাইজৰ লগতে দেৱীৰ আশীষ লয় বিধায়ক ৰূপক শৰ্মাই । নাওঁৰ আৰ্হিত আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ । ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে নগাঁৱৰ এখন বিদ্যাশ্ৰমত বিতৰণ কৰে কম্বল ।
দুদিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ ভৰলুমুখস্থিত সোণাৰাম হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰা হৈছে দেৱালী মেলা । কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি আয়োজন কৰা হৈছে এই মেলা । নানা ধৰণৰ ফটকা উপলব্ধ হৈছে এই মেলাত । আতজবাজী ক্ৰয় কৰিবলৈ বিভিন্ন প্ৰান্তৰ গ্ৰাহকে ভিৰ কৰিছে ভৰলুমুখত । উচ্চ প্ৰাৱল্য আৰু চীনা সামগ্ৰী বৰ্জনেৰে অনুষ্ঠিত হৈছে এই দেৱালী মেলা । ইফালে ৰাইজৰ মাটিৰ চাকি জ্বলাবলৈ আহ্বান জনালে উদ্যোক্তাই । তাৰোপৰি প্ৰশাসনৰ নিৰ্দেশ অনুসৰি নিশা ১০ বজাৰ পিছত ফটকা নুফুটাবলৈও আহ্বান জনাই উদ্যোক্তাই ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন দীপাৱলী


ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰালভাৱে মৰিগাঁৱতো দীপাৱলীৰ উপলক্ষে বিৰাজ কৰিছে উৎসৱ মুখৰ পৰিবেশ । চাৰিওফালে আতচবাজী শব্দত মুখৰিত হৈছে মৰিগাঁৱৰ পৰিবেশ । সাজু হৈছে পূজা মণ্ডপ । সাজু হৈছে ভক্ত । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰালভাৱে মৰিগাঁৱতো দীপাৱলীৰ উপলক্ষে বিৰাজ কৰিছে উৎসৱ মুখৰ পৰিবেশ ।
চাকিৰ পোহৰত উজলি উঠিছে ধুবুৰীৰ চৌদিশ । ধৰ্মীয় পৰম্পৰা অনুসৰি সকলোৱে ঘৰত পূজা অৰ্চনা কৰি ঘৰৰ সন্মুখত আৰু দোকান পোহাৰৰ সন্মুখত মাটিৰ চাকি জ্বলাই পালন কৰিছে পোহৰৰ উৎসৱ দিপাৱলী । কণ কণ শিশুৰ পৰা আৰম্ভ কৰি সকলোৱে দিপাৱলীৰ আনন্দ উপভোগ কৰিছে । ইপিনে উচ্চ শব্দৰ ফটকা আচবাজী ফুটোৱাৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে নিষেধাজ্ঞা জাৰি কৰিছিল যদিওঁ ধুবুৰীত সম্পূৰ্ণৰূপে ফুটুকাৰ ফেনত পৰিণত হল এই নিষেধাজ্ঞা । উচ্চ ক্ষমতা সম্পন্ন আৰু শব্দৰ ফটকা আতজবাদী ফুটাই সকলোৱে আনন্দ উপভোগ কৰাৰ সময়তে জীৱকুল চৰাই চিৰিকতিৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে । কিন্তু চৰাই চিৰিকতিৰ মৰণ কাতৰ চিঞৰে হৃদয় গলাব পৰা নাই মানুহৰ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন দীপাৱলী


উল্লেখযোগ্য যে, দিপাৱলীৰ আনন্দত আমি সকলোৱে আনন্দ উপভোগ কৰাৰ সময়তে জীৱকুল চৰাই চিৰিকতিয়ে নিশাৰ ভাগত ভয়ত আতংকিত হৈ মৰণ কাতৰ চিঞৰ কোনোবাই শুনিছে নে? উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতো এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ইতিবাচক পদক্ষেপ লোৱা দেখা নগল । কিন্তু কিয়? এয়া হ’ব এক গুৰুত্বপূৰ্ণ প্ৰশ্ন ।
বৰপেটা জিলাৰ সৰভোগৰ উত্তৰ গণকগাড়ীৰ ঐতিহ্যমণ্ডিত কালী পূজাৰ দ্বাৰ আজি সন্ধিয়া ৭ বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰে । পূজাৰ বন্তি প্ৰজ্জ্বলন তথা দ্বাৰ উন্মোচনৰ পিছত তেওঁ এক সভাত অংশগ্ৰহণ কৰে । সৰভোগৰ ঐতিহাসিক ভূমিত পদাৰ্পণ কৰি তেওঁ নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিছে বুলি মন্তব্য কৰে । সৰভোগবাসী ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় এইবাৰ শাৰদীয় পূজাৰ সময়ত সৰভোগ সমষ্টিৰ ৰাইজৰ লগতে কটাইছে । দুৰ্গাপূজাত বৰপেটাৰোডত আৰু কালী পূজাত সৰভোগত দেৱীৰ আশীৰ্বাদ লৈ নিজকে সৌভাগ্যবান বুলিও দোহাৰে ৷ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ শান্তি- সম্প্ৰতি আৰু সফলতাৰ বাবে মুখ্যমন্ত্ৰীয়ে মা কালীৰ ওচৰত প্ৰাৰ্থনা জনাই । মুখ্যমন্ত্ৰীগৰাকীয়ে সৰভোগৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ দক্ষতাক উচ্চ প্ৰশংসা কৰে ৷ কালীপূজাৰ মঞ্চৰ পৰাই মুখ্যমন্ত্ৰীয়ে সৰভোগবাসীৰ বাবে ঘোষণা কৰে দুটাকৈ সুখবৰ ৷ আগন্তুক 6 নৱেম্বৰত বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সৰভোগত উপ-কোষাগাৰৰ কাৰ্যালয় উদ্বোধন কৰিব বুলি উল্লেখ কৰি সৰভোগত পঞ্চাছ খন বিছনাযুক্ত এখনি চিকিৎসালয় অচিৰেই মুকলি কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন দীপাৱলী


প্ৰধানমন্ত্ৰীমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্লাষ্টিক বৰ্জন কৰাৰ আহ্বান জনোৱাত সৰভোগবাসীয়ে মুখ্যমন্ত্ৰীক মাটিৰ পাত্ৰত পানী খাবলৈ দিয়াত সন্তোষ প্ৰকাশ কৰে ৷ সৰভোগৰ গৰখীয়া গোসাঁই থান পৰিদৰ্শন কৰিও মুখ্যমন্ত্ৰীয়ে অভিভূত হৈছে বুলি উল্লেখ কৰে । থানখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাই মুখ্যমন্ত্ৰীক বিশেষভাৱে আকৃষ্ট কৰা বুলি উল্লেখ কৰি আগন্তুক দিনত থানখনৰ বাবে বিশেষ ব্যৱস্থা লোৱাৰো আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সভাত মুখ্যমন্ত্ৰীৰ সন্মুখত সৰভোগৰ ফেঁহুৰাখোৱাৰ শিপিনী মণিকা পাঠকে হাতে বোৱা মুগাৰ মেখেলা প্ৰত্যক্ষ কৰিও অভিভুত হৈ পৰে ৷ সৰভোগৰ শিপিনী মণিকা পাঠকে হাতে বোৱা মেখেলা মুখ্যমন্ত্ৰীয়ে মঞ্চতেই ৰাইজক প্ৰদৰ্শন কৰাই ৷

ABOUT THE AUTHOR

...view details