গুৱাহাটী, ১৯ ডিচেম্বৰ : দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিখন অৰুণোদয় আঁচনিৰ লগত সংযোগ কৰাৰ সিদ্ধান্তৰ ঘোৰ বিৰোধিতা কৰিছে দিব্যাংগ মঞ্চ, অসমে (Divyangjan Mancha Protest in Guwahati)৷ দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিৰ অধীনত 1000 টকাৰ পৰিৱৰ্তে 3000 টকাকৈ প্ৰদানৰো দাবী জনাইছে দিব্যাংগসকলে (Divyangjan pension linked with Orunudoi scheme) ৷
সোমবাৰে এই দুই দাবীৰে জনতা ভৱনৰ সন্মুখ উত্তাল কৰিলে দিব্যাংগ মঞ্চই ৷ দিব্যাংগ মঞ্চ, অসমে জনতা ভৱনৰ সন্মুখত সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ আনহাতে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত দিব্যাংগসকলৰ বাবে সংৰক্ষিত 513 টা পদত নিযুক্তিত বিসংগতিৰ অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে (Differently abled recruitment Assam)৷
প্ৰতিবাদকাৰীসকলে কয় যে 2018 চনৰ 31 ডিচেম্বৰত প্ৰতিবন্ধীসকলৰ বাবে বেকলগ হৈ থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৮৬৩ টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল ৰাজ্য চৰকাৰে ৷ ইয়াৰে তৃতীয় বৰ্গৰ পদসমূহত ২০১৯ চনতে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰে ৷ বাকী থকা ৫১৩ টা চতুৰ্থ বৰ্গৰ পদৰ বাবে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা নিযুক্তি পৰীক্ষা সম্পন্ন কৰে ৷