গুৱাহাটী, 24 নৱেম্বৰ : ভূমি অনলাইন নথি জালিয়াতিৰ সৈতে জড়িত, জিলা আয়ুক্ত কাৰ্যালয়ৰ সহকাৰী উপ-পঞ্জীয়ক নিতুল দাসক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ জিলা আয়ুক্তগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, মাটিৰ নামজাৰিৰ নথিৰ নামত বিভিন্ন আসোঁৱাহযুক্ত তথ্য পূৰ্বৰে পৰা লাভ কৰিছিল জিলা প্ৰশাসনে ৷ ইয়াৰ পাছতেই জিলা আয়ুক্ত কাৰ্যালয়ে আৰক্ষী আৰু চাইবাৰ চেলত গোচৰ ৰুজু কৰে ৷ অৱশেষত আৰক্ষী আৰু জিলা প্ৰশাসনৰ যৌথ প্ৰচেষ্টাত গ্ৰেপ্তাৰ কৰা হয় নিতুল দাস নামৰ সহকাৰী উপ-পঞ্জীয়কজনক ৷ ঘটনা সন্দৰ্ভত তদন্ত চলি থকাৰ লগতে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কয় জিলা আয়ুক্তজনে ৷ আনহাতে এইধৰণৰ কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকলো বিষয়াক কঠোৰ নিৰ্দেশ দিয়ে জিলা আয়ুক্তজনে ৷
উল্লেখ্য যে বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ জেষ্ঠ্য সহকাৰী পঞ্জীয়ক নিতুল দাসক ভূমিৰ নথি-পত্ৰ জালিয়াতিৰ অভিযোগত কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰৰ পিছত নিতুল দাসৰ খাৰঘুলিৰ ঘৰত আৰক্ষীয়ে অভিযান চলায় ৷ আৰক্ষীৰ অভিযান কালত গ্ৰেপ্তাৰ হোৱা নিতুল দাসৰ ঘৰৰ পৰা উদ্ধাৰ হয় বহু আপত্তিজনক সামগ্ৰীসহ নগদ ধন ৷ তথ্যমতে প্ৰায় আঢ়ৈ লাখ টকাৰ নগদ ধনৰ লগতে ভূমিকেন্দ্ৰিক বহু নথি জব্দ কৰা হয় খাৰঘুলিৰ নিতুল দাসৰ ঘৰৰ পৰা ৷ লগতে কেইবাটাও ভুৱা চীল, এটা TI Book আৰু Volume পঞ্জীয়ন বহী জব্দ কৰে অভিযানকাৰী দলটোৱে ৷