গুৱাহাটী,18 ফেব্ৰুৱাৰী :কামৰূপ মহানগৰ জিলাৰ বিভিন্ন প্ৰান্তত গঢ়ি উঠা অস্বাস্থ্যকৰ পানী বটল ‘পেকেজিঙ’ৰ বিৰুদ্ধে জিলা প্ৰশাসনে আৰম্ভ কৰিছে অভিযান ৷ কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে গঠন কৰি দিয়া ‘টাস্ক ফৰ্চে’ বিগত ২৪ ঘন্টাত গুৱাহাটী মহানগৰীত অবৈধভাৱে চলাই থকা ১০টা পানী বটল ‘পেকেজিঙ’ৰ কোম্পানীৰ বিৰুদ্ধে জিলা প্ৰশাসনে অভিযান চলায় (Unhygienic water bottle packaging in Guwahati) ৷
গুৱাহাটীত অস্বাস্থ্যকৰ পানী বটল ‘পেকেজিঙ’ৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান ইফালে, সাওকুচিত অবৈধভাৱে চলাই থকা অবৈধ পানী বটল ‘পেকেজিঙ’ৰ বিৰুদ্ধে জিলা প্ৰশাসনে অভিযান চলায় । এই অভিযানত ‘ Sure Life’ নামৰ কাৰখানাটো বন্ধ কৰে প্ৰশাসনে। লগতে টাস্ক ফৰ্চে নটবোমা, সিজুবাৰীৰ এটা নামহীন ৱাটাৰ বটলিং আৰু পেকেজিং কাৰখানা , মেচাৰ্ছ ৰাইনো একুৱা নামৰ অস্বাস্থ্যকৰ আৰু লগতে অনুমতি নোহোৱাকৈ কৰা বটলিং কাৰখানাসমূহো বন্ধ কৰি দিয়ে ।
গুৱাহাটীত অস্বাস্থ্যকৰ পানী বটল ‘পেকেজিঙ’ৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান গুৱাহাটীত অস্বাস্থ্যকৰ পানী বটল ‘পেকেজিঙ’ৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান অভিযান অব্যাহত ৰাখি কামৰূপ মহানগৰ জিলাৰ টাস্ক ফৰ্চে সম্পূৰ্ণ অস্বাস্থ্যকৰভাৱে তথা অনুমোদন নোহোৱাকৈ পানী 'বটলিং' কৰা পেচিফিক ৱাটাৰ কাৰখানাটো তাৎক্ষণিকভাবে বন্ধ কৰাৰ বাবে জাননী প্ৰদান কৰে। কামৰূপ মহানগৰ জিলাৰ অবৈধ পানী 'বটলিং' কাৰখানাসমূহ বন্ধ কৰিবলৈ কামৰূপ মহানগৰ জিলাৰ 'টাস্ক ফ'ৰ্চ' ৰ অভিযানৰ কালত এম/এছ ট্ৰেপিষ্ট-১ নামৰ অনুমোদন নোলোৱাকৈ বটলিঙৰ কাম কৰা কাৰখানাটোক বন্ধৰ জাননী প্ৰদান কৰা হয়। প্ৰয়োজনীয় অনুমতি লোৱাৰ বাবে স্বত্বাধিকাৰীক কোৱা হয়।
লগতে পঢ়ক :Water Supply Project: মহানগৰীত ৫১.৫৫ কোটি টকাৰ পানীৰ পাইপ ধ্বংসৰ গৰাহত