গুৱাহাটী, ১৫ মে': কামৰূপ মহানগৰ জিলা প্ৰশাসনে শুকুৰবাৰে তাৎক্ষণিকভাবে কাৰ্যকৰী হোৱাকৈ এলাহাবাদ বেংকৰ মাছখোৱা শাখা বন্ধৰ নিৰ্দেশ জাৰি কৰে । The Assam COVID-19 Regulations 2020 ৰ আধাৰত বেংকটোৰ এই শাখাটো পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বন্ধ ৰাখিবলৈ জিলা প্ৰশাসনে নিৰ্দেশ জাৰী কৰে ।
কৰ'ণা সন্ত্ৰাসঃ মাছখোৱাৰ এলাহাবাদ বেংক বন্ধৰ নিৰ্দেশ জিলা প্ৰশাসনৰ - Allahabad Bank
শুকুবাৰে গুৱাহাটীৰ এলাহাবাদ বেংকৰ মাছখোৱা শাখা বন্ধৰ নিৰ্দেশ জাৰি কৰে মহানগৰ প্ৰশাসনে । The Assam COVID-19 Regulations 2020 ৰ আধাৰতে বেংকটো বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰী কৰে জিলা প্ৰশাসনে ।
এই নিৰ্দেশ অমান্য কৰিলে 'দ্য ডিজাষ্টাৰ মেনেজমেন্ট এক্ট ২০০৫' আৰু 'দ্য এপিডেমিক ডিজিছ এক্ট ১৮৯৭' অনুসৰি আইনী ব্যৱস্থা লোৱা হ'ব বুলিও জিলা প্ৰশাসনৰ নিৰ্দেশত কোৱা হৈছে ।
উল্লেখ্য যে, ইতিমধ্যে ফাঁচীবজাৰৰ বৃহত্তৰ অঞ্চল কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে আৰু সেই অঞ্চলৰ বহুকেইগৰাকী লোকৰ শৰীৰত পোৱা গৈছে COVID-19 পজিটিভ । এই COVID-19ত আক্ৰান্ত লোকৰ একাংশই এলাহাবাদ বেংকৰ উক্ত শাখাটোত ধন জমা দিছিল । সেই তথ্য পোহৰলৈ অহাৰ পিছতেই শুকুৰবাৰে প্ৰশাসনে বেংকটো তাৎক্ষনিকভাবে বন্ধৰ নিৰ্দেশ জাৰি কৰে ।