অসম

assam

ETV Bharat / state

GMC election 2022 : পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুতি চলাইছে প্ৰশাসনে ?

পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে গুৱাহাটীত তিনি দিনৰ বাবে ড্ৰাই ডে ঘোষণা । পৌৰ নিগমৰ নিৰ্বাচন (GMC election 2022) শান্তিপূৰ্ণভাৱে পৰিচালনা কৰাৰ বাবে অতিৰিক্ত আৰক্ষী বাহিনী নিয়োগ কৰা হ'ব । গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব ।

GMC election 2022
পৌৰ নিগমৰ নিৰ্বাচন

By

Published : Mar 24, 2022, 8:13 PM IST

গুৱাহাটী,২৪ মাৰ্চ :আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক (GMC election 2022) কেন্দ্ৰ কৰি কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিভাগে ইতিমধ্যে প্ৰস্তুতি গ্ৰহণ কৰিছে । ইতিমধ্যে যোৱা বুধবাৰে কামৰূপ মহানগৰ জিলা নিৰ্বাচনী বিষয়া পল্লৱ গোপাল ঝাই গুৱাহাটীত নিৰ্বাচনী আচৰণ বিধি বলবৎ কৰিছে । অহা ১৯ এপ্ৰিলত গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

অহা ২১ এপ্ৰিলত গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা হ'ব বুলি কামৰূপ মহানগৰ জিলা নিৰ্বাচনী বিষয়া পল্লৱ গোপাল ঝাই বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাৰ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত সদৰি কৰিছে । তেওঁ জনায় যে পৌৰ নিগমৰ নিৰ্বাচন পৰিচালনা কৰাৰ বাবে প্ৰায় ৩৫০০ গৰাকী বিষয়া কৰ্মচাৰী নিয়োগ কৰা হ'ব ।

পৌৰ নিগমৰ নিৰ্বাচন

পৌৰ নিগমৰ নিৰ্বাচন পৰিচালনা কৰাৰ বাবে নিয়োগ কৰা বিষয়া-কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব । পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে কিছু আদৰ্শ ভোট কেন্দ্ৰ স্থাপন কৰা হ'ব । লগতে মহিলা বিষয়া-কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ স্থাপনৰো ব্যৱস্থা কৰা হ'ব ।

পৌৰ নিগম এলেকাৰ কিছুমান ভোটাৰৰ ভোটগ্ৰহণ কেন্দ্ৰ এইবাৰ সলনি হৈছে । এনেধৰণৰ কিছুমান ভোটাৰৰ বাবে সলনি হোৱা ২৪ টা ভোটগ্ৰহণ কেন্দ্ৰ চিনাক্ত কৰা হৈছে । এই সন্দৰ্ভত জিলা নিৰ্বাচন বিভাগৰ তৰফৰ পৰা ভোটগ্ৰহণ কেন্দ্ৰ সলনি হোৱা ভোটাৰসকলক সবিশেষ জনোৱা হ'ব যাতে ভোটদানৰ দিনা এই ভোটাৰসকল সমস্যাৰ সম্মুখীন হ'বলগীয়া নহয় ।

পল্লৱ গোপাল ঝাই লগতে জনায় যে নিৰ্বাচন আচৰণ বিধি বলবৎ হোৱাৰ পাছতে বুধবাৰৰ পৰা গুৱাহাটীত অবৈধভাৱে সুৰা বিক্ৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা হৈছে । জিলা আবকাৰী বিভাগে গুৱাহাটীৰ জালুকবাৰী, মালিগাঁও আৰু সোনাপুৰ অঞ্চলত অভিযান চলায় ২৫০ লিটাৰ অবৈধ সুৰা জব্দ কৰাৰ লগতে ৮ জনক গ্ৰেপ্তাৰ কৰিছে । তেওঁ জনায় যে পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে অহা ১৮, ১৯ আৰু ২১ এপ্ৰিলত গুৱাহাটীত ড্ৰাই ডে ঘোষণা কৰা হ'ব (Dry Day in Guwahati for municipal elections)।

সংবাদমেলত অংশ লৈ গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ উপ-আৰক্ষী আয়ুক্ত (প্ৰশাসন) হেমন্ত কুমাৰ দাসে কয় যে পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে গুৱাহাটীত ব্যক্তিগত লোকৰ হাতত থকা পঞ্জীয়নভুক্ত মাৰাণাস্ত্ৰ জমা দিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে । পৌৰ নিগৰ নিৰ্বাচনৰ বাবে স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহ আৰক্ষীয়ে শীঘ্ৰে চিনাক্ত কৰিব । লগতে পৌৰ নিগমৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে পৰিচালনা কৰাৰ বাবে অতিৰিক্ত আৰক্ষী বাহিনী নিয়োগ কৰা হ'ব ।

লগতে পঢ়ক :GMC elections 2022 : লৰা-ঢপৰা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details