গুৱাহাটী,২১ জুন: ৰাজধানী চহৰ গুৱাহাটী মহানগৰীক পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্রত অগ্ৰণী ভূমিকা পালন কৰি আহিছে গুৱাহাটী পৌৰ নিগমৰ কৰ্মীসকলে(Guwahati Municipal Corporation) । গুৱাহাটীৰ আৱৰ্জনা পৰিষ্কাৰ কৰাৰ দায়িত্বত থকা এইসকল চাফাই কৰ্মীৰ শাৰীৰিক সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ উদ্যোগ গ্ৰহণ কৰিছে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল'পাৰ এছ'চিয়েশ্যন(Assam Real Estate Infrastructure Developers Association) চমুকৈ 'এৰিডা'ই ।
ইয়াৰ অংশস্বৰূপে সোমবাৰে 'এৰিডা'ই গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মীসকলৰ মাজত বিতৰণ কৰে সুৰক্ষামূলক সামগ্ৰীৰ কিট । গুৱাহাটী পৌৰ নিগমৰ পানবজাৰস্থিত আয়ুক্তৰ কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত এই কিটসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় । অনুষ্ঠানত অংশ গ্ৰহণ কৰি গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই উদ্যোক্তাসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে ।
ৰ'দ-বৰষুণ নেওচি গুৱাহাটীখনক সুন্দৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পৌৰ নিগমৰ কৰ্মীসকলৰ স্বাস্থ্যৰ কথা চিন্তা কৰি সুৰক্ষামূলক কিট দিয়াৰ বাবে আয়ুক্ত শৰ্মাই এৰিডাৰ শলাগ লয় । শাৰীৰিক সুৰক্ষাৰ এই কিটত আছে উৎকৃষ্ট মানৰ গামবুট, ৰেইন কোট আৰু স্কেভেঞ্জিং গ্লভছ । এই সন্দৰ্ভত 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাই কয় যে শেহতীয়াকৈ কৃত্রিম বানৰ কবলত পৰা গুৱাহাটী মহানগৰীক পৰিষ্কাৰ কৰি ৰখাৰ বাবে দিনে-নিশাই সেৱাৰত হৈ আছে পৌৰ নিগমৰ চাফাই কৰ্মীসকল ।