গুৱাহাটী, ২০ আগষ্টঃ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ১০০ দিন সম্পূৰ্ণ কৰা উপলক্ষে ১ লাখ নিযুক্তিৰ বৃহৎ সংকল্পৰ অংশ স্বৰূপে বৃহস্পতিবাৰে শিক্ষা বিভাগত নিযুক্তিৰ শুভাৰম্ভ কৰে। এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজন কৰা এক অনুষ্ঠানত শিক্ষা বিভাগৰ বিভিন্ন সঞ্চালকালয়ৰ অধীনত ৭৬৭ গৰাকী প্ৰাৰ্থীলৈ অনুকম্পামূলক আৰু নিয়মীয়া নিযুক্তিপত্ৰ বিতৰণ কৰা হয় ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্র প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । অনুষ্ঠানৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, শিক্ষা বিভাগৰ লগত জড়িত ২২ হাজাৰ নিযুক্তি এই বছৰৰ ভিতৰত সম্পূৰ্ণ হোৱাকৈ চেষ্টা কৰা হৈছে ৷ অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্রত যথেষ্ট পলম হ'ল । চেনচিটিভ নোহোৱা বাবে আমাৰ কামবোৰ পিছুৱাই থাকে ।
ব্যক্তি নিৰ্মাণেই হৈছে ৰাষ্ট্ৰ নিৰ্মাণ : ড৹ হিমন্ত বিশ্ব শৰ্মা লগতে পঢ়ক: শনিবাৰৰ পৰা আৰম্ভ হ'ব সোণোৱালৰ তিনিদিনীয়া "জন আশীৰ্বাদ যাত্ৰা"
'২০১৭ চনৰ পাছত মৃত্যু হোৱা পৰিয়ালৰ কথা এই নিযুক্তিৰ প্ৰক্ৰিয়াত নাহে । কাৰণ তেওঁৰ পৰিয়ালৰ লোকে সম্পূৰ্ণ দৰমহা পাই আছে । শিক্ষা বিভাগৰ বিভিন্ন পদত ৬১৬ গৰাকীক অনুকম্পামূলক নিযুক্তি দিয়া হৈছে ।' ভাষণত এইদৰে কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
মুখ্যমন্ত্রীয়ে লগতে কয়, কাম নকৰাকৈ দৰমহা লোৱাটো অপৰাধত পৰে । ১ ছেপ্টেম্বৰৰ পৰা কলেজ খুলিব বাবে এতিয়া নিযুক্তি পত্র দিছো । যাতে নিযুক্তি পায়ে কামলৈ যাব পাৰে । অসম পিছপৰি থকাৰ কাৰণটো হ'ল সকলো বেলেগৰ পৰা আশা কৰো যদিও নিজে একো নিদিওঁ।
সকলোৱে দায়িত্বশীল নাগৰিক হিচাপে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগিব । ব্যক্তি নিৰ্মাণেই হৈছে ৰাষ্ট্ৰ নিৰ্মাণ বুলি মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্রীয়ে নিযুক্তি প্ৰাপ্ত শিক্ষকসকলক নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰাৰ আহ্বান জনায়। অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু উপস্থিত থাকে ৷
লগতে পঢ়ক: কুকুৰো বাচি নগ’ল এইবাৰ তেওঁলোকৰ পৰা..