গুৱাহাটী,২২ জুন: নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে প্ৰকাশ কৰা খচৰাক লৈ বিজেপিৰ মিত্ৰদল অগপত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ দলীয়ভাৱে অগপই খচৰাখনক আদৰণি জনাইছে যদিও ইয়াৰ বিৰুদ্ধে মুকলি বিষোদগাৰ প্ৰকাশ কৰিছে আমগুৰিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকা, ছয়গাঁৱৰ প্ৰাক্তন অগপ বিধায়ক তথা খাদী বৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতা প্ৰমুখ্যে কেইবাজনো নেতাই ৷
নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাত অগপৰ জ্যেষ্ঠ নেতা প্ৰদীপ হাজৰিকাৰ আমগুৰি, ডাঃ কমলা কলিতাই পূৰ্বে প্ৰতিনিধিত্ব কৰা ছয়গাঁও আৰু বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ পশ্চিম গুৱাহাটী সমষ্টি বিলুপ্ত হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত অগপৰ কেইবাজনো নেতা ক্ষোভিত হৈ পৰিছে ৷ অৱশ্যে নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তক অগপ দলে আদৰণি জনাইছে ৷
এই সন্দৰ্ভত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা তালিকা সন্দৰ্ভত দলে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু এই বিষয়ত ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত গুৰুত্ব প্ৰদান কৰি আহিছে ৷
তেওঁ ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থত সমষ্টি পুনৰ নিৰ্ধাৰণ অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি খচৰা তালিকা সন্দৰ্ভত দলে জৰুৰীভাৱে বৈঠকত মিলিত হ’ব আৰু দলৰ পৰামৰ্শ নিৰ্বাচন আয়োগক অৱগত কৰা হ’ব বুলি সদৰী কৰিছে ৷
কিন্তু এই খচৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অগপৰ জ্যেষ্ঠ নেতা তথা খাদী ব’ৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতাই ৷ নিজৰ প্ৰতিক্ৰিয়াত তেওঁ কয় যে নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি প্ৰকাশ কৰা খচৰাত খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষা হোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে ৷ কিন্তু কি ধৰণে সুৰক্ষিত হৈছে সেই কথা আমি পৰীক্ষা কৰিব লাগিব ৷