গুৱাহাটী, ১৬ জুন :অৱশেষত দিছপুৰ আৰক্ষীয়ে আটক কৰিলে বিতৰ্কিত শিখা শৰ্মা ৷ ফেচবুকত বিজেপি নেত্ৰী জোনালী নাথৰ সন্দৰ্ভত শিখা শৰ্মাই কৰিছিল আপত্তিজনক মন্তব্য । সামাজিত মাধ্যমত বিতৰ্কিত মন্তব্য কৰাৰ বাবেই দিছপুৰ আৰক্ষী থানাত শিখা শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল এক গোচৰ । সেই গোচৰৰ আধাৰতে বৃহস্পতিবাৰে নিশা মহানগৰীৰ নিজা বাসগৃহৰ পৰা দিছপুৰ আৰক্ষীয়ে আটক কৰে শিখা শৰ্মাক ৷
শেহতীয়া তথ্য অনুসৰি, শিখা শৰ্মাক যিকোনো মূহুৰ্ততে গ্ৰেপ্তাৰ কৰিব পাৰে দিছপুৰ আৰক্ষীয়ে । পূৰ্বতেও বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰলৈ গৈছিল শিখা শৰ্মা । উল্লেখ্য যে, শিখা শৰ্মাই ফেচবুক পোষ্টৰ জৰিয়তে মৃত বিজেপি নেত্ৰী জোনালী নাথৰ চৰিত্ৰক লৈ প্ৰশ্ন কৰিছিল । যাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
ইয়াৰ পিচতে শিখা শৰ্মাৰ ফেচবুক পষ্টটোৰ বিৰুদ্ধে সৰৱ হৈ পৰে মহিলা আয়োগ ৷ আনকি মহিলা আয়োগে বিভাগীয় কৰ্তৃপক্ষক এই ফেচবুক পোষ্টৰ তদন্ত বিচাৰে । আৰক্ষী সঞ্চালক প্ৰধানলৈ লিখা পত্ৰত এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল মহিলা আয়োগে ।