অসম

assam

ETV Bharat / state

Destruction of Shristinagar: সৃষ্টি নগৰৰ ধ্বংসলীলাৰ বিৰুদ্ধে বিধায়ক অতুল বৰা - সৃষ্টি নগৰৰ ধ্বংসলীলা

কলকতাৰ প্ৰতিষ্ঠানৰ দ্বাৰা নিৰ্মীয়মান সৃষ্টি নগৰে মহানগৰীৰ চূণচালিত চলাইছে ধ্বংসলীলা (Destruction of Shristinagar Asansol) ৷ সেউজভূমি কাটি মৰুভূমি নিৰ্মানত উঠিপৰি লাগিছে সৃষ্টি নগৰ কৰ্তৃপক্ষ ৷ ইয়াৰ বিৰুদ্ধে এতিয়া মাত মাতিছে দিশপুৰৰ বিধায়ক বিধায়ক অতুল বৰাই ৷ জাঙুৰ খাই উঠিছে ৰামসিং গাঁওবাসীও ৷

Destruction of Shristinagar
সৃষ্টি নগৰৰ ধ্বংসলীলাৰ বিৰুদ্ধে বিধায়ক অতুল বৰা

By

Published : Jan 22, 2022, 10:46 PM IST

গুৱাহাটী, ২২জানুৱাৰী: সৃষ্টি নগৰে কোনো সৃষ্টি কৰা নাই, কলকতাৰ প্ৰতিষ্ঠানৰ দ্বাৰা নিৰ্মীয়মান সৃষ্টি নগৰে নুনমাটিৰ চূণচালিত পাহাৰৰ গছ-গছনি আৰু মাটি-কাটি চলাইছে অবাধ ধ্বংশলীলা (Destruction of Shristinagar Asansol) । সেউজ পাহাৰ ধ্বংস কৰি চূণচালিৰ ভূমিত সৃষ্টি নগৰ কৰ্তৃপক্ষই নিৰ্মান কৰিছে বিলাসী অট্টালিকে । শনিবাৰে সৃষ্টি নগৰৰ সমীপৰ ৰামছিং গাৱঁৰ এখন ৰাজহুৱা সভাত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰদান কৰে দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই (MLA Atul Bora against Shristinagar) ।

সৃষ্টি নগৰ নিৰ্মাণৰ নামত সৃষ্টি নগৰ কৰ্তৃপক্ষই স্বাধীনোত্তৰ কালৰ পৰা বসবাস কৰা ৰামসিং গাওঁবাসীক ৰাস্তা নিৰ্মাণ বন্ধ কৰা, বিজুলী যোগান বন্ধ কৰা আদিকে ধৰি সময়ে সময়ে বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি অহাক তীব্ৰ সমালোচনা কৰে অতুল বৰাই । সৃষ্টি নগৰ কৰ্তৃপক্ষই চূণ চালিৰ ওচৰে পাজৰে থকা ভূমি তেওঁলোকৰ বুলি দাবী কৰি যুগ যুগ ধৰি বসবাস কৰি অহা লোকৰ ভূমি উচ্ছেদ চলোৱা কাৰ্যৰ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অনাগত দিনত যদি ৰামসিং গাঁৱৰ ভূমি সৃষ্টি নগৰ কৰ্তৃপক্ষই উচ্ছেদ কৰিবলৈ আহে তেন্তে তেওঁলোকৰ গাড়ীসমূহ জ্বলাই দিবলৈও গাঁও বাসীক আহ্বান জনায় বিধায়ক অতুল বৰাই ।

সৃষ্টি নগৰৰ ধ্বংসলীলাৰ বিৰুদ্ধে বিধায়ক অতুল বৰা

ইফালে একাংশ IAS, IPS বিষয়াই সৃষ্টি নগৰত ফ্লেট ক্ৰয় কৰা কাৰ্যৰ সমালোচনা কৰি বিধায়ক বৰাই তেওঁলোকেও সৃষ্টি নগৰত শান্তিত থাকিব নোৱাৰে বুলি সকীয়াই দিয়ে । উল্লেখ্য যে, চূণচালিৰ ৰামিছিং গাৱঁত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে বিদ্যুতৰ সু-ব্যৱস্থ কৰাৰ বাবে কিছুদিন পূৰ্বে গাঁওখনত বিদ্যুতৰ খুঁটা পুতিছিল । তাৰ পৰৱৰ্তী পৰ্যায়ত বিদ্যুৎ বিভাগে বিদ্যুতৰ তাঁৰ সংযোগ কৰাৰ সময়তে সৃষ্টি নগৰ কৰ্তৃপক্ষই বাধা প্ৰদান কৰে । স্বাভাৱিকতে সৃষ্টি নগৰ কৰ্তৃপক্ষৰ এনে কাৰ্যক লৈ জাঙুৰ খাই উঠিছে ৰামসিং গাঁওবাসী ।

শনিবাৰে ৰামসিং গাওঁবাসীয়ে আয়োজন কৰা এখন ৰাজহুৱা সভাত দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা উপস্থিত হৈ শীঘ্ৰেই ৰামসিং গাৱঁত অহা এক সপ্তাহৰ ভিতৰত বিদ্যুৎ যোগান ধৰা হ’ব বুলি ঘোষণা কৰে । তদুপৰি শীঘ্ৰে ৰামসিংবাসীক মাটিৰ পট্টাও দিয়া হ’ব বুলি অতুল বৰাই আনুষ্ঠানিকভাবে ঘোষণা কৰে ।

লগতে পঢ়ক:Assam Meghalaya Border issue : লুৰিণজ্যোতিয়ে ক’লে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰজাৰ শাসন চলাইছে

ABOUT THE AUTHOR

...view details