গুৱাহাটী ৩ মে :অৱশেষত ওৰ পৰিল দিছপুৰৰ ৰহস্যজনক অপহৰণ কাণ্ডৰ (Dispur kidnapping case) । মঙলবাৰে দিছপুৰ মিনিষ্টাৰ কল'নীত এক সন্দেহজনক অপহৰণ কাণ্ড সংঘটিত হৈছিল । পৰৱৰ্তী সময়ত এই অপহৰণ কাণ্ডক লৈ বিভিন্ন বিষয় উত্থাপন হয় (Sensational kidnapping in Dispur Guwahati) । তাৰ মাজতে খবৰ ওলায় যে, ইলেকট্ৰিচিয়ান শান্তনু মোহন ৰায় নামৰ যুৱকজনক অপহৰণ নহয়, আৰক্ষীয়ে আটক কৰি লৈ গৈছে । কিন্তু তাৰ পিচতো ঘটনাৰ প্ৰকৃত ৰহস্যৰ সমাধান হোৱা নাছিল (Kidnapping case in Guwahati) ।
কিয়নো পৰিয়ালৰ লোকে দিছপুৰ থানাকে ধৰি বিভিন্ন থানা তথা সংশ্লিষ্ট বিভাগসমূহত যোগাযোগ কৰিলেও শান্তনুৰ বিষয়ে একো সম্ভোদ উলিয়াব পৰা নাছিল । তাৰ মাজতে শান্তনুৰ মাতৃয়ে কাষ চাপে অধিবক্তাৰ । অৱশেষত সন্ধান ওলাল মিনিষ্টাৰ কল'নীৰ পৰা সন্ধানহীন হোৱা ইলেকট্ৰিচিয়ান শান্তনুৰ মোহন ৰায়ৰ । মহানগৰ আৰক্ষীৰ সহযোগত কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শান্তনুক । প্ৰতিষ্ঠিত ঠিকাদাৰ অনুপম শৰ্মাই দিয়া এক গোচৰৰ ভিত্তিত শান্তনু ৰায়ক আটক কৰে কোকৰাঝাৰ আৰক্ষীয়ে ।
এই গোচৰৰ ভিত্তিতে কোকৰাঝাৰ আৰক্ষীয়ে মঙলবাৰৰ দিনটোত গ্ৰেপ্তাৰ কৰিছিল শান্তনুক মোহন ৰায়ক । তাৰ পিচত তেওঁক গ্ৰেপ্তাৰ কৰি লৈ যায় কোকৰাঝাৰলৈ । প্ৰথম অৱস্থাত দিছপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত জ্ঞাত নহয় বুলি কৈছিল যদিও সাংবাদিকে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক যোগাযোগ কৰাত সকলো কথা স্পষ্ট হয় । অৱশ্যে কি গোচৰৰ ভিত্তিত শান্তনুক গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰলৈ লৈ যোৱা হৈছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই ।
উল্লেখ্য যে, মঙলবাৰৰ দিনটোত শান্তনুৱে মিনিষ্টাৰ কল'নীত কাম কৰি আছিল । তেনে সময়তে আৰক্ষীৰ পোছাকত অহা দুজন লোক আৰু সাধাৰণ পোছাকত অহা দুজন লোকে অপহৰণ কৰি নিছিল শান্তনুক । দিলীপ ৰায় আৰু প্ৰণৱ চন্দ্ৰ ৰায় নামৰ দুজন সহকৰ্মীৰ সন্মুখতে অপহৰণ কৰি লৈ গৈছিল শান্তনুক । লগে লগে সহকৰ্মী দুজনে পৰিয়ালৰ লোকক ঘটনাৰ বিষয়ে অৱগত কৰিছিল । তাৰ পিচত অপহৃত শান্তনুৰ মাতৃয়ে এসময়ত ঘৰত কাম কৰা জগদীশ গগৈ নামৰ মহানগৰীৰ এগৰাকী অধিবক্তাৰ কাষ চাপে ।
সেই সূত্ৰে পুত্ৰৰ অপহৰণৰ সমগ্ৰ ঘটনা মাতৃয়ে অধিবক্তা জগদীশ গগৈক অৱগত কৰায় । অৱশেষত অধিবক্তা জগদীশ গগৈয়ে বুধবাৰে সমগ্ৰ ঘটনা সংবাদ মাধ্যমৰ আগত বিৱৰি কয় । ইফালে সংবাদ মাধ্যমত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে মহানগৰ আৰক্ষী আয়ুক্তই শান্তনুক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে ।