গুৱাহাটী, 6 মাৰ্চঃপ্ৰাগজ্যোতিষপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীত সদৌ কলিতা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। কলিতা জনগোষ্ঠীৰ উন্নয়নৰ হকে চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰিলে ২০২১ বিধানসভা নিৰ্বাচিত নিজা প্ৰাৰ্থী প্ৰদানৰ হুংকাৰ। শুকুৰবাৰে ৰাজ্যৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদনত উত্থাপন কৰে ৰাজ্যিক বাজেট। এফালে সদনত বিত্তমন্ত্ৰীৰ বাজেট উত্থাপন আনফালে লাষ্ট গেটত বিভিন্ন দল সংগঠনৰ উত্তাল প্ৰতিবাদ। বিভিন্ন দল সংগঠনৰ লগতে সদৌ কলিতা ছাত্ৰ সন্থাও লাষ্ট গেটত প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকৰ দাবী সমূহ সমাধানৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰে। প্ৰাগজ্যোতিষপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন,কলিতা জনগোষ্ঠীক অনুসূচীত জনজাতিকৰণ আৰু কলিতা জনগোষ্ঠীক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত সদৌ কলিতা ছাত্ৰ সন্থাৰ সদস্য সকলে লাষ্ট গেটত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰে যে ৰাজ্যৰ বিজেপি চৰকাৰখনে কলিতা জনগোষ্ঠীৰ সমস্যা সমূহ সমাধানৰ বাবে বাৰম্বাৰ আলোচনালৈ মতাৰ পিছতো কলিতা জনগোষ্ঠীৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই।
প্ৰাগজ্যোতিষপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীত প্ৰতিবাদ - ডঃ হিমন্ত বিশ্ব শৰ্মা
বিভিন্ন দল সংগঠনৰ লগতে সদৌ কলিতা ছাত্ৰ সন্থাইও লাষ্ট গেটত প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকৰ দাবী সমূহ সমাধানৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰে।

প্ৰাগজ্যোতিষপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীত প্ৰতিবাদ
প্ৰাগজ্যোতিষপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীত প্ৰতিবাদ
লগতে চাওকঃ
কলগাছিয়াৰ চানপুৰ গাঁৱত ভস্মীভূত তিনিটাকৈ ঘৰ
Last Updated : Mar 6, 2020, 3:08 PM IST