গুৱাহাটী,৭ মে: অসমৰ ৰাজনীতিত পূৰ্বতে কাহানিও নঘটা ঘটনা ঘটিছে । নিৰ্বাচনী ফলাফল ঘোষণাৰ ছটা দিন উকলি যোৱাৰ পিছতো, চৰকাৰ গঠন কৰিব পৰাকৈ বিজেপি মিত্ৰজোটৰ সংখ্যাগৰিষ্ঠতা থকাৰ পিছতো আজি পৰ্যন্ত গঠন হোৱা নাই নতুন চৰকাৰ । কাৰণ এতিয়ালৈকে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই চূড়ান্ত কৰিব পৰা নাই কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী । সৰ্বানন্দ সোণোৱাল নে ড৹ হিমন্তবিশ্ব শৰ্মা ৷ তাৰ মাজতে কিন্তু ড৹ হিমন্তবিশ্ব শৰ্মাৰ দিছপুৰৰ চৰকাৰী বাসগৃহত যোৱা পাঁচটা দিনৰ দৰে আজিও অব্যাহত থাকে তেওঁৰ সমৰ্থক বিধায়ক-সাংসদৰ সোত । শুকুৰবাৰে তেওঁৰ চৰকাৰী বাসগৃহত আহি উপস্থিত হোৱা দেখা যায় ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেণছিং বে', লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, তেজপুৰৰ সাংসদ পল্লৱলোচন দাসক ।
দিছপুৰস্থিত হিমন্ত বিশ্বৰ চৰকাৰী বাসগৃহলৈ বিধায়কৰ সোঁত - দিছপুৰৰ ঘৰত অব্যাহত
ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰৰ চৰকাৰী বাসগৃহলৈ যোৱা পাঁচটা দিনৰ দৰে আজিও অব্যাহত থাকে তেওঁৰ সমৰ্থক বিধায়ক-সাংসদৰ সোত । শুকুৰবাৰে তেওঁৰ চৰকাৰী বাসগৃহত আহি উপস্থিত হোৱা দেখা যায় ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেণছিং বে', লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, তেজপুৰৰ সাংসদ পল্লৱলোচন দাসকে ধৰি বহু কেইগৰাকী নেতা ।
কেৱল দলীয় সাংসদেই নহয়, দলৰ বহুকেইগৰাকী নবীন-প্ৰবীণ বিধায়কৰ সৈতেও আজি ৰুদ্ধদ্বাৰ আলোচনাত মিলিত হয় মন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা । শুকুৰবাৰে দিছপুৰৰ বাসগৃহত ড৹ শৰ্মাৰ সৈতে আলোচনাত মিলিত হোৱা দলীয় বিধায়কসকলৰ মাজত আছিল বিহালীৰ ৰঞ্জিৎ দত্ত, ছিপাঝাৰৰ পৰমানন্দ ৰাজবংশী, তিনিচুকীয়াৰ সঞ্জয় কিষাণ, নলবাৰীৰ জয়ন্তমল্ল বৰুৱা, পানেৰীৰ বিশ্বজিৎ দৈমাৰী আদি । আনহাতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো আজি টিংখাঙৰ বিধায়ক বিমল বৰাকে আদি একাংশ বিধায়কে তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে ।
লগতে পঢ়কঃ খিলঞ্জীয়াৰ মাজত ভেটি উচন হ'ল নেকি কংগ্ৰেছৰ !