অসম

assam

By

Published : Feb 16, 2022, 7:24 PM IST

ETV Bharat / state

Dispensary Inaugurated in Raj Bhavan: ডিসপেনচাৰী মুকলি কৰিলে ৰাজ্যপাল জগদীশ মুখীয়ে

ৰাজভৱনৰ এটা বহুদিনীয়া অভাৱ পূৰণ হ’ল । ২৪ ঘণ্টাই খোলা থাকিব এই ডিসপেনচাৰী । ৰাজভৱনৰ স্থায়ী কৰ্মচাৰীসকলৰ বাবে থাকিব ৰেজিষ্ট্ৰাৰ । কাৰ্ড দেখুৱাই চিকিৎসক পাব কৰ্মচাৰীয়ে । এই ডিসপেনচাৰীত ২৪ ঘণ্টাই থাকিব চিকিৎসক আৰু নাৰ্চ । ঔষধৰ ব্যৱস্থাও থাকিব ডিসপেনচাৰীখনত (Dispensary Inaugurated in Raj Bhavan) ।

Dispensary Inaugurated in Raj Bhavan
ডিসপেনচাৰী মুকলি কৰিলে ৰাজ্যপাল জগদীশ মুখীয়েডিসপেনচাৰী মুকলি কৰিলে ৰাজ্যপাল জগদীশ মুখীয়ে

গুৱাহাটী, ১৬ ফেব্ৰুৱাৰীঃ ৰাজভৱনত বুধবাৰে মুকলি কৰা হ'ল অত্যাধুনিক সা-সুবিধাযুক্ত ডিসপেনচাৰী । ডিসপেনচাৰীখন আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যপাল জগদীশ মুখীয়ে (Inaugurated by the Governor of Assam)। অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Health minister Keshab Mahanta) । ভাষণ প্ৰসংগত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে, ৰাজভৱনৰ এটা বহুদিনীয়া অভাৱ পূৰণ হ’ল । আজিৰে পৰা ২৪ ঘণ্টাই খোলা থাকিব এই ডিসপেনচাৰী। ৰাজভৱনৰ স্থায়ী কৰ্মচাৰীসকলৰ বাবে ৰেজিষ্ট্ৰাৰ থাকিব ।

ডিসপেনচাৰী মুকলি কৰিলে ৰাজ্যপাল জগদীশ মুখীয়ে

কাৰ্ড দেখুৱাই চিকিৎসক পাব কৰ্মচাৰীয়ে । এই ডিসপেনচাৰীত ২৪ ঘণ্টাই থাকিব চিকিৎসক আৰু নাৰ্চ । ঔষধৰ ব্যৱস্থাও থাকিব ডিসপেনচাৰীখনত । ডিসপেনচাৰীখনত ৰাজভৱনত কৰ্তব্যৰত কৰ্মচাৰী তথা তেওঁলোকৰ পৰিয়াল বৰ্গ, চি আৰ পি এফৰ কৰ্মচাৰী বৃন্দকো সামৰি লৈ স্বাস্থ্য সেৱা প্ৰদান কৰা হ'ব ।

অনুষ্ঠানত ৰাজ্যপালৰ সহধৰ্মিণী, ৰাজ্যপালৰ আয়ুক্ত সচিব এছ এছ মিনাক্ষী সুন্দৰম, ৰাজ্যৰ পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত-সচিব সিদ্ধাৰ্থ সিং, কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, স্বাস্থ্য শিক্ষা সঞ্চালক তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিশেষ কৰ্তব্যৰত বিষয়াও উপস্থিত আছিল ।

লগতে পঢ়ক:Assam 8th Medical College : লখিমপুৰত ৰাজ্যৰ অষ্টমখন চিকিৎসা মহাবিদ্যালয়ৰ উদ্বোধন

ABOUT THE AUTHOR

...view details