অসম

assam

ETV Bharat / state

ৰাজ্যৰ প্ৰতিবন্ধী সকলক চৰকাৰে প্ৰতাৰণা কৰি অভিলেখ গঢ়িছে - হিতাধিকাৰী নিৰ্ধাৰণ প্ৰক্ৰিয়া

প্ৰতিবন্ধী সকলৰ বাবে সংৰক্ষিত আসন ব্যৱস্থা নকৰিলে চৰকাৰে ৷ প্ৰতিবন্ধী লোকসকলক মাহী আইৰ দৃষ্টিৰে চাইছে আদি গুৰুত্বপূৰ্ণ অভিযোগ কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সম্পাদক নৃপেন মালাকাৰে ৷

Disabled Union reaction goverment
ৰাজ্যৰ প্ৰতিবন্ধী সকলক চৰকাৰে প্ৰতাৰণা কৰি অভিলেখ গঢ়িছে

By

Published : Sep 9, 2020, 10:38 PM IST

গুৱাহাটী, ৯ ছেপ্তেম্বৰঃ জাতি মাটি ভেটিৰ শ্ল’গান আওৰাই থকা চৰকাৰ খনে ৰাজ্যৰ প্ৰতিবন্ধী সকলক প্ৰতাৰণা কৰি কৰি প্ৰতাৰণাৰ এক ইতিহাস ৰচনা কৰিব খুজিছে ৷ তেওঁলোকে কথাহে কয় কাম একো নকৰে ৷ তাৰ চূড়ান্ত উদাহৰণ প্ৰতিবন্ধী সকল প্ৰতাৰিত হৈ আহিব লগা বিষয়টো ৷ এই অভিযোগ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সম্পাদক নৃপেন মালাকাৰৰ ৷

ৰাজ্যৰ প্ৰতিবন্ধী সকলক চৰকাৰে প্ৰতাৰণা কৰি অভিলেখ গঢ়িছে

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলত এনেদৰে ৰাজ্য চৰকাৰৰ প্ৰতি সুচ্চাৰ হোৱা পৰিলক্ষিত হ’ল প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক গৰাকীক ৷ অৰুনোদয় আঁচনি সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ সংস্থাটোৰ সম্পাদক গৰাকীৰ- “ অৰুনোদয় আঁচনি খনতো চৰকাৰে প্ৰতিবন্ধী ভাই ভনীসকলক চৰকাৰে বৈষম্য আনি প্ৰতাৰিত কৰিব খুজিছে ৷ প্ৰথম অৱস্থাত অৰুনোদয় আঁচনিত প্ৰতিবন্ধীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব বুলি কোৱা হৈছিল যদিও পৰৱৰ্তী পৰ্যায়ত পুৰুষ মহিলাৰ কথা উল্লেখ কৰি তেওঁলোকক বঞ্চিত কৰাৰ ষড়যন্ত্ৰত চৰকাৰ লিপ্ত হৈছে ৷” আনহাতে আঁচনিখনৰ হিতাধিকাৰী নিৰ্ধাৰণ প্ৰক্ৰিয়া সন্দৰ্ভতো বিস্ফোৰক মন্তব্য নৃপেন মালাকাৰৰ৷ “ এই খন আঁচনি বিজেপি দলটোৰ নে চৰকাৰ খনৰ ৷ যদি চৰকাৰৰ হয় তেনেহে’লে হিতাধিকাৰীৰ তালিকা প্ৰকাশৰ বাবে চৰকাৰে বিভিন্ন চৰকাৰী বিভাগৰ সহায় ল’ব লাগে ৷ তাকে নকৰি এইখন চৰকাৰে কিছুমান বিজেপিৰ নেতা পালিনেতাৰহে সহায় লৈ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে ৷”

ৰাজ্যৰ প্ৰতিবন্ধী সকলক চৰকাৰে প্ৰতাৰণা কৰি অভিলেখ গঢ়িছে

সমান্তৰালভাৱে প্ৰতিবন্ধী সকলৰ বাবে সংৰক্ষিত আসন ব্যৱস্থাটোৰ প্ৰতিও যথেষ্ট আক্ষেপ প্ৰকাশ কৰিলে সংস্থাটোৰ সম্পাদক নৃপেন মালাকাৰে৷ মালাকাৰৰ মন্তব্য- চৰকাৰে প্ৰতিশ্ৰুতিহে দিয়ে ৷ কিন্তু তাক ৰূপায়ণ কৰিবলৈ পাহৰি যায় ৷ চৰকাৰী নিৰ্দেশনা অনুসৰি প্ৰতিবন্ধী সকলে মুঠ পদৰ পৰা ৪ শতাংশ পদ সংৰক্ষিত ভাৱে লাভ কৰিব লাগে ৷ কিন্তু এই ক্ষেত্ৰতো চৰকাৰখনে প্ৰতিবন্ধী লোকসকলক মাহী আইৰ দৃষ্টিৰে চাইছে ৷ উল্লেখ্য যে,সমগ্ৰ ৰাজ্যত প্ৰায় ৯ লাখ প্ৰতিবন্ধী লোক আছে ৷ প্ৰতিবন্ধী লোকসকলৰ বাবে আছে সুকীয়া শিক্ষানুষ্ঠানো ৷ কিন্তু প্ৰতিবন্ধী সকলক শিক্ষাদান কৰা গুৱাহাটীত অৱস্থিত ৰাজ্যৰ একমাত্ৰ দৃষ্টিহীন উচ্চ মাধ্যমিক শিক্ষানুষ্ঠান খনকে আজিলৈকে প্ৰাদেশীকিকৰণ নকৰিলে ৰাজ্য চৰকাৰে ৷ সেয়েহে প্ৰতিবন্ধী সকলক চৰাকাৰে দীৰ্ঘ দিন ধৰি কৰি অহা বঞ্চনা আৰু প্ৰতাৰণা বন্ধ কৰি প্ৰতিবন্ধী সকলক তেওঁলোকৰ নিজ প্ৰাপ্য আদায় দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই।

লগতে পঢ়কঃ বাঘজান তৈল খাদত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু অইলৰ অভিযন্তা

ABOUT THE AUTHOR

...view details