অসম

assam

By

Published : Apr 29, 2021, 11:02 AM IST

ETV Bharat / state

সমাজ কল্যাণ সঞ্চালকালয়ৰ সন্মুখত প্ৰতিবাদ প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ

বুধবাৰে দীনদয়াল দিব্যংগ পেঞ্চন আঁচনিৰ পৰা বঞ্চিত বিশেষভাৱে সক্ষম লোকসকলে প্ৰাপ্য বিচাৰি কৰে প্ৰতিবাদ ৷ উজান বজাৰৰ সমাজ কল্যাণ সঞ্চালকালয় কাৰ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰত প্ৰতিবন্ধী সুৰক্ষা সংন্থা অসমৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷

সমাজ কল্যাণ সঞ্চালকালয়ৰ সন্মুখত প্ৰতিবাদ প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ
সমাজ কল্যাণ সঞ্চালকালয়ৰ সন্মুখত প্ৰতিবাদ প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ

গুৱাহাটী,29 এপ্ৰিল: দীনদয়াল দিব্যংগ পেঞ্চন আঁচনিৰ পৰা বঞ্চিত একাংশ বিশেষভাৱে সক্ষম লোকে বুধবাৰে প্ৰাপ্য বিচাৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ উজান বজাৰৰ সমাজ কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰত প্ৰতিবন্ধী সুৰক্ষা সংন্থা অসমৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷

সন্থাৰ সম্পাদক নৃপেন মালাকাৰে কয় যে, ৰাজ্য চৰকাৰৰ পৰা মাহেকত পাবলগীয়া ১০০০ টকাটোৰ বাবে প্ৰতিবাৰে বিশেষভাৱে সক্ষম লোকসকলে আন্দোলন কৰিবলগীয়া হয় ৷ বিভিন্ন অভিলাষী আঁচনিৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে ঢাক-ঢোল বজাই ৫ বছৰীয়া কাৰ্যকাল শেষ কৰিলে ৷ কিন্তু কোনোদিনে এইসকল লোকক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নকৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ৷

সমাজ কল্যাণ সঞ্চালকালয়ৰ সন্মুখত প্ৰতিবাদ প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ

ইপিনে, অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈ পেঞ্চন আঁচনিৰ ধন প্ৰদান নকৰাত বিপদৰ সম্মুখীন হৈছে সৰহ সংখ্যক লোক ৷ বিগত কেইবামাহো ধৰি কৰি অহা আন্দোলনৰ পৰিপ্ৰেক্ষিতত বিহুৰ পূৰ্বে এটা কিস্তি অৰ্থাৎ তিনি মাহৰ ধন বিত্ত বিভাগে মুকলি কৰি দিছিল ৷ কিন্তু আজিকোপতি প্ৰায় ৫৫ হাজাৰ লোকে এই ধন পাবলৈ সক্ষম হোৱা নাই ৷ সৰহ সংখ্যক লোকৰ বেংক একাউণ্ট থকা স্বত্বেও এই ধনৰাশি পোৱাৰ ব্যৱস্থা নকৰাৰ বাবে আন্দোলন কৰিবলৈ বাধ্য হৈছে বুলি মালাকাৰে প্ৰকাশ কৰে ৷ বিভাগৰ হেমাহিৰ বাবে প্ৰায় ৫৫ হাজাৰ প্ৰতিবন্ধী হিতাধিকাৰী বঞ্চিত হৈছে বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

বুধবাৰে পুৱা ১১ বজাৰ পৰা দিনৰ ৩ বজালৈ অৱস্থান কৰিও কোনো সুফল লাভ নকৰাত প্ৰতিবাদকাৰীসকলে অৱশেষত মূল গেটৰ তলা বন্ধ কৰি অৱস্থান কৰে ৷ বিভাগৰ সঞ্চালকে আহি লিখিত প্ৰতিশ্ৰুতি দিলেহে ক্ষান্ত হ’ব বুলি কোৱাৰ পিছত অৱশেষত উপায়ন্তৰ হৈ সোমবাৰৰ ভিতৰত দীনদয়াল দিব্যংগ পেঞ্চন আঁচনিৰ ধনৰাশি মুকলি কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে উপ সঞ্চালকে ৷ উপ সঞ্চালক গৰাকীয়ে লিখিত প্ৰতিশ্ৰুতি দিয়াতহে প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি মাৰে ৷ যদি সোমবাৰৰ ভিতৰত এই ধনৰাশি হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰেৰণৰ ব্যৱস্থা নকৰে, তেন্তে অধিক ভয়াৱহ হ’ব এই প্ৰতিবাদ ৷

লগতে পঢ়ক:চুমিলা ৰংহাঙপীৰ বাসগৃহত উপস্থিত ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

ABOUT THE AUTHOR

...view details