গুৱাহাটী, ৩ জুন : গুৱাহাটী পৌৰ নিগমে মহানগৰবাসীক কিছুদিনৰ পৰা খোৱাপানী যোগানৰ নামত যথেষ্ট লেতেৰা আৰু বোকাময় পানী যোগান ধৰি থকাৰ অভিযোগ উত্থাপিত হৈছে (Dirty water supply by GMC)। বিগত এসপ্তাহ পূৰ্বে গুৱাহাটীত হোৱা বাৰিষাৰ প্ৰথমটো কৃত্ৰিম বানৰ পিছত গুৱাহাটী পৌৰ নিগমৰ তিনিটা পানী যোগান প্ৰকল্পৰ ভিতৰত বিশেষকৈ পৌৰ নিগমৰ সাতপুখুৰী পানী যোগান প্ৰকল্প আৰু পাণবজাৰ পানী যোগান প্ৰকল্পৰ পানী যোগান যথেষ্ট লেতেৰা তথা বোকাময় হৈ পৰিছে ।
যাৰ বাবে এই প্ৰকল্পৰ পানীৰ ওপৰত নিৰ্ভৰশীল লোকসকলে যথেষ্ট আহুকালৰ সন্মূখীন হৈছে (GMC troubles residents of Guwahati)। উল্লেখ্য যে, বিগত ৩১ মে'ত গুৱাহাটী পৌৰ নিগমৰ সাতপুখুৰী পানী যোগান প্ৰকল্পৰ মেছিন আৰু পানীৰ পাইপ মেৰামতি কৰি থকা বুলি পৌৰ নিগম কৰ্তৃপক্ষই জাননী জাৰি কৰিছিল । কিন্তু সাতপুখুৰী পানী যোগান প্ৰকল্পৰ বাহিৰে পাণবজাৰ পানী যোগান প্ৰকল্পৰ কোনো মেৰামতিৰ ব্যৱস্থা কৰা হোৱা নাই । যাৰ বাবে এই এলেকাৰ নাগৰিকসকল ক্ষোভিত হৈ পৰা দেখা গৈছে ।
এই সন্দৰ্ভত মাছখোৱাৰ বাসিন্দা মছদ্দৰ হুছেইনে কয় যে, বহু দিনৰ পৰা পাণবজাৰ পানী যোগান প্ৰকল্পৰ পৰা লেতেৰা পানী পাই আহিছে । কিন্তু যোৱা ১৫ দিনৰ পৰা পূৰ্বতকৈ যথেষ্ট লেতেৰা পানী যোগান ধৰি আছে । এই পানী অকল পাইখানাত ব্যৱহাৰ কৰিব পাৰি বুলি তেওঁ জনায় ।
লগতে পঢ়ক :'Sologamy' ত প্ৰৱেশ কৰিবলৈ ওলোৱা ভাৰতৰ প্ৰথমগৰাকী যুৱতী