অসম

assam

By

Published : Jun 9, 2023, 7:07 PM IST

Updated : Jun 9, 2023, 7:54 PM IST

ETV Bharat / state

Guwahati Road accident: বিতৰ্কিত এ কে কনষ্ট্ৰাকশ্যনৰ ছুপাৰভাইজাৰ পি বালাজী গ্ৰেপ্তাৰ

এ কে কনষ্ট্ৰাকশ্যনৰ ছুপাৰভাইজাৰ পি বালাজীক গ্ৰেপ্তাৰ ৷ জল বৰ্ডে বৃহস্পতিবাৰে দিছপুৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত আজি কাৰ্যালয়ত পৰা গ্ৰেপ্তাৰ কৰা হয় পি বালাজীক (Supervisor of AK Construction Company Arrested) ৷

Supervisor of AK Construction Company Arrested
তদন্তৰ আওতালৈ আহিল বিতৰ্কিত এ কে কনষ্ট্ৰাকশ্যন

এ কে কনষ্ট্ৰাকশ্যনৰ ছুপাৰভাইজাৰ পি বালাজী গ্ৰেপ্তাৰ

গুৱাহাটী, 9 জুন: অৱশেষত তদন্তৰ আওতালৈ আহিল বিতৰ্কিত এ কে কনষ্ট্ৰাকশ্যন ৷ এ কে কনষ্ট্ৰাকশ্যনৰ ছুপাৰভাইজাৰ পি বালাজীক গ্ৰেপ্তাৰ ৷ নাৰেংগীৰ কাৰ্যালয়ৰ পৰা এ কে কনষ্ট্ৰাকশ্যনৰ ছুপাৰভাইজাৰ পি বালাজীক গ্ৰেপ্তাৰ ৷ জল বৰ্ডে বৃহস্পতিবাৰে দিছপুৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত আজি কাৰ্যালয়ত পৰা গ্ৰেপ্তাৰ কৰা হয় পি বালাজীক (Supervisor of AK Construction Company Arrested) ৷

এ কে কনষ্ট্ৰাকশ্যন হৈছে জলবৰ্ডৰ অধীনত পানীৰ পাইপ বহুওৱাৰ দায়িত্বত থকা এটা কোম্পানী ৷ জানিব পৰা মতে কোম্পানীটোৱে গণেশগুৰিত গাঁত খন্দাৰ বাবে লোৱা নাছিল যান-বাহন শাখাৰ লগতে লোক নিৰ্মাণ বিভাগৰ অনুমতি ৷ এই কোম্পানীটোৰ স্বত্বাধিকাৰী হৈছে এম ভেংকটেশ্বৰ ৰাও (Guwahati Road accident) ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে গণেশগুৰিত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী মেধাৱী ছাত্ৰীৰ অকাল মৃত্যু হৈছিল ৷ মহানগৰীৰ হেঙেৰাবাৰীৰ নিবাসী প্ৰিয়া কুমাৰী হাতীগাঁও লিটল ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুললৈ জ্যেষ্ঠ ভগ্নীৰ স্কুটীৰ পিছত উঠি গৈ থাকোঁতেই সংঘটিত হৈছিল এই শোকাৱহ পথ দুৰ্ঘটনাটো ৷ অনুমতি নলোৱাকৈ এ কে কনষ্ট্ৰাকশ্যনে খন্দা গাঁতৰ বাবে সংঘটিত হৈছিল পথ দুৰ্ঘটনাটো ৷ কিয়নো নিশা খন্দা গাঁতটোত নাছিল কোনো বেৰিকেড ৷ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰে এ কে কনষ্ট্ৰাকশ্যনে খন্দা গাঁতটো উন্মুক্ত কৰি ৰাখিছিল (Class 11 student died in accident in Guwahati) ৷

মহানগৰীৰ গণেশগুৰিৰ গণেশ মন্দিৰৰ সন্মুখত বৃহস্পতিবাৰে পুৱাই সংঘটিত হৈছিল এই শোকাৱহ দুৰ্ঘটনা ৷ বৃহস্পতিবাৰে পুৱা প্ৰায় 7.30 বজাত প্ৰিয়া কুমাৰী নামৰ ছাত্ৰীগৰাকীয়ে বায়েকৰ লগত গণেশগুৰিৰ ফালৰ পৰা হাতীগাঁৱৰ লিটল ফ্লাৱাৰ স্কুললৈ গৈ থকা অৱস্থাতে AS 01 PC 7411 নম্বৰৰ স্কুল বাছ এখনৰ পিচ চকাৰ তলত সোমাই পৰে ছাত্ৰীগৰাকী ৷ ফলত থিতাতে নিহত হয় মেধাৱী ছাত্ৰী প্ৰিয়া কুমাৰী ৷ এই ঘটনাই ইতিমধ্যে ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ এই ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া (Priya Kumari Guwahati accident) ৷

লগতে পঢ়ক:Artificial flood in Guwahati: বৰষুণ আহিল গুৱাহাটী মহানগৰ ডুবিল; এইদৰে আৰু কিমান দিন...?

Last Updated : Jun 9, 2023, 7:54 PM IST

ABOUT THE AUTHOR

...view details