গুৱাহাটী, 16মেঃ ক'ৰণা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পাইছে যদিও কামৰূপ (ম) 'জন ঘোষণা নোহোৱাটো চৰকাৰী বৈষম্য এই কথা কলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে। সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে যে ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, মৰিগাঁও, নলবাৰী আদি জিলাত ৪-৫জন কোভিড-১৯ ৰোগী ধৰা পৰা পিছতে ৰে‘ড অথবা অৰেঞ্জ 'জন ঘোষণা কৰা হৈছিল। কিন্তু শেহতীয়া ভাৱে কামৰূপ(ম) জিলাত ২৮গৰাকী কৈ কোভিড-১৯ আক্রান্ত ধৰা পৰাৰ পিছতো কিয় নিদিষ্ট 'জন ঘোষণা হোৱা নাই সেই লৈ চৰকাৰীৰ ব্যৱস্থাক এক বৈষম্য আখ্যা দীপাংক নাথৰ। অৰেঞ্জ 'জন ঘোষণা হোৱা জিলা কেইখনত আজি ৫০দিনতকৈ অধিক সময় সাধাৰণ জনতা, দিন হাজিৰা কৰি খোৱা ব্যক্তি তথা ব্যৱসায়ীৰ সকল জীয়াতো ভুগিব লগা হৈছে। কিছু সংখ্যক লোকে চৰকাৰী সুবিধা পাইছে যদিও বহুলোক বঞ্চিত হৈছে কিন্তু চৰকাৰৰ কাণসাৰ নাই বুলি মন্তব্য কৰে ।
কামৰূপ (ম) ক‘ৰণা আক্ৰান্ত ৰােগীৰ সংখ্যা বৃদ্ধিক লৈ মন্তব্য দীপাংক নাথৰ - অৰেঞ্জ 'জন ঘোষণা
গুৱাহাটীক কােনোধৰনৰ জ‘ন ঘোষণা নকৰাক লৈ চৰকাৰক প্ৰশ্ন সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথৰ ৷
![কামৰূপ (ম) ক‘ৰণা আক্ৰান্ত ৰােগীৰ সংখ্যা বৃদ্ধিক লৈ মন্তব্য দীপাংক নাথৰ as_ghy_01_ghy_dipankar nath_bite_visual_7205569](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7220293-105-7220293-1589613147075.jpg)
চৰকাৰ যি কৰিছে আৰু কৈছে সেইয়া শুদ্ধ এই মনোবৃত্তিৰ মাজেৰে চৰকাৰ চলা বুলি গুৰুত্বৰ অভিযোগ উথাপন কৰি সভাপতি দীপাংকৰ নাথে ৷ আনহাতে অন্য ৰোগ দেখাবলৈ যোৱা ৰোগী সকলৰ কোভিড-১৯ পৰীক্ষাৰ ফলাফল সোনকালে দিয়া ব্যৱস্থা কৰিব লাগে বুলি দাবী উত্থাপন কৰিলে আছু সভাপতি গৰাকীয়ে । কাৰণ বৰ্তমান তিনি-চাৰিদিনৰ পিছত কোভিড-১৯ ফলাফল পোৱা পিছত বহুত ৰোগী চিকিৎসাৰ পৰা বঞ্চিত হোৱাৰ ফলত মৃত্যু হোৱাৰ সম্ভাৱনা দেখা দিছে। ইপিনে বহিঃৰাজ্যৰ পৰা অহা লোক সকলক ধৈৰ্য ধৰি চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনালে সভাপতি গৰাকীয়ে। লগতে সকলোৱে সামাজিক ব্যৱধান মানি চলি এই ৰোগৰ সংক্ৰমণ ৰোধৰ বাবে সকলোকে ঘৰতে থাকিবলৈ আহ্বান জনালে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে।
লগতে পঢ়কঃ বঙাইগাঁৱৰ কন্টেইনমেন্ট জ'নত তীব্ৰ উত্তেজনা