অসম

assam

ETV Bharat / state

লক ডাউনৰ বাবে যতি পৰিল 42 বছৰীয়া এক পৰম্পৰা - Lockdown

লক ডাউনৰ বাবে অনুষ্ঠিত নহ'ল ডিমৰীয়াৰ ঐতিহ্যমণ্ডিত ব'হাগী দধিমন্থন উৎসৱ ৷

Dimoria Bohagi festival
লকডাউনৰ বাবে যতি পৰিল 42 বছৰীয়া এক পৰম্পৰা

By

Published : Apr 16, 2020, 7:19 PM IST

গুৱাহাটী,16এপ্ৰিলঃসৰ্বস্তৰত পৰিল লক ডাউনৰ প্ৰভাৱ ৷ ৰঙালী বিহুটো গৃহ বন্দী হৈয়ে ৰ'ল অসমবাসী ৰাইজ ৷ ৰাজ্যৰ সকলো প্ৰান্তৰ লগতে ডিমৰীয়াটো দেখা পোৱা নগ'ল বিহুৰ আনন্দ ৷ আনন্দৰ সলনি অঞ্চলটোৰ ৰাইজৰ মাজত দেখা গ'ল বিষাদহে কাৰণ প্ৰতিবছৰেই ডিমৰীয়াৰ মালয়বাৰীত ব'হাগৰ 3য় দিনটোত অনুষ্ঠিত হৈ আহিছিল ঐতিহ্যমণ্ডিত ব'হাগীদধিমন্থন উৎসৱ। কিন্তু লক ডাউনৰ বাবেই এইবাৰ যতি পৰিল এই 42 বছৰীয়া পৰম্পৰা অঞ্চলটোত দেখা নগ'ল আন বৰ্ষৰ দৰে কোনো পাৰভঙা উছাহ ৷ নাই ভক্তপ্ৰাণ ৰাইজৰ সমাগম ৷ চৰকাৰী নীতি-নিৰ্দেশনাৰ মাজেৰে কেৱল মাত্ৰ অনুষ্টুপীয়াকৈ শৰাই আগবঢ়াইয়ে এইবাৰ পৰম্পৰা ৰক্ষাৰ চেষ্টা চলালে অঞ্চলটোৰ ৰাইজে ৷

লকডাউনৰ বাবে যতি পৰিল 42 বছৰীয়া এক পৰম্পৰা

ABOUT THE AUTHOR

...view details