অসম

assam

ETV Bharat / state

দীনদয়াল কৌশল যোজনাঃ অসমত ভয়ংকৰ দুৰ্নীতি

2014-15 বৰ্ষত এই ঠিকাদাৰী প্ৰতিষ্ঠান কেইটাক চৰকাৰে মোকলাই দিছিল 52.45 কোটি টকা। একেদৰে 2015-16 ত 33.37 কোটি, 2016-17 ত 100.46 কোটি, 2017-18 ত 86.69 কোটি আৰু 2018-19 ত 51.28 কোটি টকা মোকলাই দিছিল চৰকাৰে। এতিয়া  প্ৰশ্ন উত্থাপন হৈছে কাৰ পকেটত সোমাল এই বিশাল ধনৰাশি! কিয় সংস্থাপন নাপালে আধাতকৈও অধিক শিক্ষাৰ্থীয়ে !

দীনদয়াল কৌশল যোজনাঃ অসমত ভয়ংকৰ দুৰ্নীতি

By

Published : Jun 27, 2019, 7:38 PM IST

গুৱাহাটী, 27 জুনঃ প্ৰধানমন্ত্ৰীৰ মানসপুত্ৰ ; দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা; প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰ শাসনলৈ অহাৰ পিছতে দেশৰ নিবনুৱা সমস্যা সমাধানৰ বাবে আৰম্ভ কৰিছিল এই আঁচনি । নিবনুৱা যুৱক যুৱতীক বিভিন্ন বৃত্তিমুখী পাঠ্যক্ৰমৰ প্ৰশিক্ষণৰ জৰিয়তে পাকৈত কৰি সংস্থাপনৰ ব্যৱস্থা কৰাৰ বাবে আৰম্ভ কৰা হৈছিল এইখন আঁচনিখন । কিন্তু কাৰ্যতঃ এই আঁচনি একাংশ ঠিকাদাৰ আৰু চৰকাৰী বিষয়াৰ বাবে হৈ পৰিল খীৰতি গাই ।

দীনদয়াল কৌশল যোজনাঃ অসমত ভয়ংকৰ দুৰ্নিতী
শেহতীয়াকৈ কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত অসমত বিগত পাঁচ বছৰত এই আঁচনিখন ৰূপায়ণ সন্দৰ্ভত দাঙি ধৰিছে ভয়ংকৰ তথ্য। তথ্য অনুযায়ী, বিগত পাঁচ বছৰত অসমত দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ নামত ব্যয় কৰা হৈছে 324 কোটি টকা। ইয়াৰ বিপৰীতে এই সময়চোৱাত মাত্ৰ 38,022 গৰাকী নিবনুৱাক হে প্ৰদান কৰা হ'ল প্ৰশিক্ষণ।

প্ৰকৃত অংকটোৱে আৰু অধিক স্পষ্ট কৰি তুলিব ছবিখন । যদিওবা 38,022 গৰাকীক প্ৰশিক্ষণ দিয়া হ'ল , সকলোৱে নাপালে সংস্থাপন। সংস্থাপন লাভ কৰিলে মাত্ৰ 15,246 গৰাকীয়েহে। অথচ, দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ অধীনত নিবনুৱাক প্ৰশিক্ষণ দিয়াৰ লগতে প্ৰশিক্ষণৰ অন্তত তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰি দিয়াৰ চৰ্তত চৰকাৰৰ সৈতে চুক্তিবদ্ধ হৈ আছে 50 টা ঠিকাদাৰী প্ৰতিষ্ঠান। তেওঁলোকক যোৱা পাঁচ বছৰত এই বৃহৎ ধনৰাশি চৰকাৰে মোকলাই দিছে। তেন্তে কিয় নহ'ল এশ শতাংশ সংস্থাপন সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তনত ।
2014-15 বৰ্ষত এই ঠিকাদাৰী প্ৰতিষ্ঠান কেইটাক চৰকাৰে মোকলাই দিছিল 52.45 কোটি টকা। একেদৰে 2015-16 ত 33.37 কোটি, 2016-17 ত 100.46 কোটি, 2017-18 ত 86.69 কোটি আৰু 2018-19 ত 51.28 কোটি টকা মোকলাই দিছিল চৰকাৰে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে কাৰ পকেটত সোমাল এই বিশাল ধনৰাশি! কিয় সংস্থাপন নাপালে আধাতকৈও অধিক শিক্ষাৰ্থীয়ে ! নিকা প্ৰশাসনৰ কথা কোৱা চৰকাৰখনে ল'বনে কিবা ব্যৱস্থা !

ABOUT THE AUTHOR

...view details