গুৱাহাটী, 10 আগষ্ট: নৱগঠিত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফৰামৰ এখন সাধাৰণ সভা বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় (General Meeting of Digital Media Journalists Forum) । ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফৰামৰ আহ্বায়ক সমিতিৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক বেদব্ৰত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ই টিভি ভাৰত অসমৰ(ETV Bharat Assam) ব্যুৰ' চীফ নয়নজ্যোতি ভূঞাই ডিজিটেল জাৰ্নেলিষ্ট ফৰাম গঠনৰ প্ৰয়োজনীয়তা আৰু ভৱিষ্যতৰ দিনত ইয়াৰ কাৰ্যপন্থা সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়ায় ।
আনহাতে, জ্যেষ্ঠ সাংবাদিক প্ৰণৱ বৰাই ডিজিটেল মিডিয়াৰ সাংবাদিকসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা আৰু আইনগত দিশ সন্দৰ্ভত বক্তব্য আগবঢ়ায় । ইয়াৰ উপৰি জ্যেষ্ঠ সাংবাদিক অমল দত্ত আৰু বিধায়ক দাসে বৰ্তমান সময়ত ডিজিটেল মিডিয়াৰ গুৰুত্ব আৰু ভূমিকা সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ দিয়ে । ৰাজ্যৰ প্ৰায় ৮ খন জিলা আৰু গুৱাহাটীৰ বিভিন্ন ডিজিটেল মিডিয়াৰ অৰ্ধ শতাধিক সাংবাদিক তথা সংবাদকৰ্মীয়ে অংশগ্ৰহণ কৰা সভাত তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি তথা গুৱাহাটী ডট কমৰ বাবুল গগৈয়ে সাংবাদিকতাৰ মৌলিক নীতি-নিয়ম সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় ।
সভাত কেন্দ্ৰীয় চৰকাৰৰ সম্ভাব্য ডিজিটেল মিডিয়া আইন(Digital Media Guidelines and Policies) সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয় । এই সন্দৰ্ভত ধ্ৰুৱজ্যোতি ধনন্তৰীয়ে ডিজিটেল মিডিয়াৰ বিভিন্ন কাৰিকৰী দিশ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় । ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফৰামৰ আহ্বায়ক সমিতিৰ সাধাৰণ সম্পাদক নৱজ্যোতি কলিতাই আঁতধৰা সভাখনত অসমৰ কেইবাটাও ডিজিটেল মিডিয়াৰ বহুকেইজন সাংবাদিকে তেওঁলোকৰ অভিজ্ঞতা আৰু সন্মুখীন হোৱা সমস্যাৰ কথা ব্যক্ত কৰে ।