গুৱাহাটী, ১৫ অক্টোবৰ:শিক্ষা বিভাগে শিক্ষক আৰু শিক্ষাৰ্থীৰ উপস্থিতিকে ধৰি শিক্ষকৰ বিভিন্ন তথ্যৰ বাবে প্ৰৱৰ্তন কৰিছে 'শিক্ষা সেতু' এপ। ইতিমধ্যে এই এপৰ যোগেদি শিক্ষা বিভাগে বহুখিনি তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ দ্বাৰা বিদ্যালয়ত উপস্থিতিৰ হাৰ বৃদ্ধি পোৱাৰ লগতে শিক্ষকৰ বিভিন্ন তথ্য লাভ কৰিবলৈ সক্ষম হৈছে শিক্ষা বিভাগে। শিক্ষা বিভাগৰ এই সফলতাৰ পাছত ৰাজ্য চৰকাৰে শিক্ষা সেতু এপক অনুকৰণ কৰিবলৈ সাজু হৈছে।
যাৰ ফলত কামত ফাঁকি দিয়া কৰ্মচাৰীসকল সাৰি যাব নোৱাৰিব। শিক্ষকে বিদ্যালয়ৰ পৰা উপস্থিতি 'শিক্ষা সেতু’ এপত দিয়াৰ দৰে আন চৰকাৰী কৰ্মচাৰীসকলেও ডিজিটেল ব্যৱস্থাৰে চাকৰি কৰা স্থানৰ পৰা ডিজিটেল ব্যৱস্থাৰে উপস্থিতি দিব লাগিব। অসমৰ মুঠ চৰকাৰী কৰ্মচাৰীৰ সংখ্যা প্রায় ৪.৫ লাখ।
‘শিক্ষা সেতু’ এপত দৈনিক উপস্থিতি দিয়াটো বাধ্যতামূলক হোৱাৰ ফলত ইতিমধ্যে ২.১৪ লাখ শিক্ষক-কর্মচাৰী ডিজিটেল ব্যৱস্থাৰ আঁওতাত সোমাই পৰিল। এই ব্যৱস্থাই সফলতা লাভ কৰাৰ পাছত চৰকাৰী বিভাগসমূহৰ প্ৰায় ২.৩০ লাখ কৰ্মচাৰীৰ ক্ষেত্ৰতো ডিজিটেল ব্যৱস্থাৰে উপস্থিতি লোৱাৰ লগতে কৰ্মচাৰীজনৰ অন্য তথ্য-পাতি সংগ্ৰহ কৰাৰ ব্যৱস্থা অৱলম্বন কৰিবলৈ ৰাজ্য চৰকাৰ সাজু হৈছে।
যাৰ ফলত শিক্ষা সেতুৰ দৰে এটা উমৈহতীয়া এপত ৰাজ্য চৰকাৰৰ বাকী থকা কৰ্মচাৰীয়ে ডিজিটেল পদ্ধতিত উপস্থিতি দিবলগীয়া হ’ব। দিছপুৰৰ এটা সূত্ৰৰ পৰা জানিব পৰা মতে, ৰাজ্য চৰকাৰে মুখ্য সচিবক এইক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে। শিক্ষা সেতু এপ প্রযোজ্য কৰি সৰ্বশিক্ষা অভিযানে ৰাজ্যৰ ২.১৪ লাখ শিক্ষকৰ দৈনিক উপস্থিতিৰ তথ্য লাভ কৰাৰ লগতে চাকৰিত কেতিয়া যোগদান কৰিছিল আৰু আৰু অৱসৰ কেতিয়া পাব আদি তথ্য কেন্দ্ৰীয়ভাৱে লাভ কৰিছে।