গুৱাহাটী, 12 জানুৱাৰী:ৰাজ্যৰ কৃষক সমাজৰ বাবে এটি সুখবৰ ৷ কিয়নো কৃষক সমাজৰ সহায় হোৱাকৈ তেওঁলোকক বিত্তীয় শিক্ষা আৰু পৰামৰ্শ আগবঢ়োৱাৰ উদ্দ্যেশ্যেৰে অসম চৰকাৰৰ কৃষি বিভাগৰ অধীনত অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমাজে 'কৃষাৰ্থক' নামেৰে এক ডিজিটেল এপ মুকলি কৰিছে (Digital app launched to provide benefit to farmers) ৷
বিশ্ব বেংকৰ সাহায্য প্ৰাপ্ত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পই যোৱা ১০ জানুৱাৰী তাৰিখে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত এই সেৱা মুকলি কৰা হয় ।
উল্লেখযোগ্য যে, কৃষাৰ্থক ই- সেৱাই তথ্য-প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে অসমৰ ২৪খন জিলাৰ ২,৫০,০০০ কৃষকক সামৰি বিত্তীয় শিক্ষা সম্পৰ্কীয় সেৱা আগবঢ়াব (Krisharthak e-service to farmers) । এই সেৱাৰ দ্বাৰা কৃষকসকলে ধন জমা, ঋণ, বীমা, পেঞ্চন তথা পাবলগীয়া ধনৰ সদব্যৱহাৰ সম্পৰ্কীয় তথ্য লাভ কৰিবলৈ সক্ষম হ’ব । প্ৰথম অৱস্থাত পৰীক্ষামূলকভাৱে ২০২৩ বৰ্ষৰ জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত ৰাজ্যৰ ৫ খন জিলাৰ ৫,০০০ কৃষকক সামৰি ল’ব আৰু অহা মে’ মাহৰ পৰা পৰ্যায়ক্ৰমে সকলো কৃষকলৈ আগবঢ়োৱা হ’ব বুলি সংশ্লিষ্ট কর্তৃপক্ষই জানিবলৈ দিয়ে ।