নিউজ ডেস্ক, 5 অক্টোবৰ :অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক ৰৌণক আলি হাজৰিকাক গ্ৰেপ্তাৰ ৷ মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ আভিযানত গ্ৰেপ্তাৰ হৈছে আইপিএচ বিষয়াগৰাকী ৷ হেঙেৰাবাৰীস্থিত নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ হোৱা হাজৰিকাৰ বিৰুদ্ধে আছিল আয়তকৈ অধিক ধন থকাৰ গুৰুতৰ অভিযোগ ৷
DIG ৰৌণক আলি হাজৰিকাক গ্ৰেপ্তাৰ - DIGP
12:53 October 05
মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ আভিযানত গ্ৰেপ্তাৰ ৰৌণক আলি হাজৰিকা
উল্লেখ্য যে, অসম চৰকাৰৰ পশ্চিম সংমণ্ডলৰ আৰক্ষীৰ উপ মহাপৰিদৰ্শক পদত অধিষ্ঠিত আছিল আই পি এছ ৰৌণক আলী হাজৰিকা । চলিত বৰ্ষৰ 20 জুলাইত ৰাজ্যপাল জগদীশ মুখীয়ে এক আদেশযোগে DIGP ৰৌণক আলী হাজৰিকাক কৰিছিল নিলম্বন । অসম আৰক্ষীৰ এক বিবৃতি অনুসৰি, ২০১১ চনৰ পৰা গৃহ বিভাগৰ অনুমতি অবিহনে বহুবাৰ বিদেশ ভ্ৰমণ কৰিছিল এইগৰাকী আই পি এছ বিষয়াই ।
এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া ৰূপে বিদেশ ভ্ৰমণৰ বাবে অনুমতিৰ প্ৰয়োজন হয় যদিও হাজৰিকাই এয়া অমান্য কৰি আহিছিল ৷ তাৰোপৰি আয়তকৈ অধিক সম্পত্তি থকাৰো গুৰুতৰ অভিযোগ আছিল অসম আৰক্ষীৰ এইগৰাকী শীৰ্ষ বিষয়াৰ বিৰুদ্ধে ৷